ETV Bharat / state

পদ্মশ্ৰী ড৹ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান

author img

By

Published : Apr 18, 2021, 5:58 PM IST

বিশিষ্ট সাহিত্যিক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ড৹ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান। অহা বছৰৰ পৰা বি টি চি ত চৰকাৰীভাৱে পালন কৰা হ'ব গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ জন্ম দিনৰ কাৰ্যসূচী ৷ বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে জনালে এই কথা ৷

পদ্মশ্ৰী কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান

গুৱাহাটী, ১৮ এপ্ৰিল: বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ড৹ কামেশ্বৰ ব্ৰহ্মক প্ৰদান কৰা হ'ল গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা ৷ ড৹ ব্ৰহ্মক বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মন্তব্য কৰি কয় যে, "গুৰুদেৱ কালিচৰণ ব্ৰহ্ম কেৱল এজন ধৰ্ম প্ৰচাৰক নাছিল । তেওঁ আছিল এজন প্ৰকৃত সমাজ সংস্কাৰক । এটা যুগৰ পূৰ্বেই তেওঁ বড়ো-অবড়োকে ধৰি সকলো জাতি-জনগোষ্ঠীৰ ৰাইজকলৈ এখন শক্তিশালী সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল ।"

দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ন্যাসৰ উদ্যোগত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ সহযোগত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬২ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ড৹ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰি এই মন্তব্য কৰে বি টি আৰ ৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

ভাষণত প্ৰমোদ বড়োৱে কয় যে, গুৰুদেৱৰ সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ পৰা তেখেতৰ ১৮ এপ্ৰিলৰ জন্মদিনটোত বি টি আৰ এলেকাত চৰকাৰীভাৱে সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে । অহা বছৰৰ পৰা তেওঁৰ জন্মদিনৰ কাৰ্যসূচী বি টি আৰ ত চৰকাৰীভাৱে পালন কৰা হ'ব বুলিও প্ৰমোদ বড়োৱে ব্যক্ত কৰে । বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত ন্যাসৰ সম্পাদক ড৹ অজিত বড়োৱে সকলোকে আদৰণি জনোৱাৰ পৰিৱৰ্তে ৰাখেশ্বৰ ব্ৰহ্মই অনুষ্ঠানটো পৌৰোহিত্য কৰে ।

অনুষ্ঠানত এছ বি ডি এছৰ উপদেষ্টা নিৰঞ্জন ব্ৰহ্ম, সভাপতি বিদ্যাশ্ৰী ব্ৰহ্ম, উপ সভাপতি খাউডাম বসুমতাৰী, আবছুৰ সভাপতি জলেশ্বৰ ব্ৰহ্ম, প্ৰাক্তন সচিব প্ৰধান এল ইছলাৰী, গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সভাপতি মিনিশ্বাৰাং ব্ৰহ্ম, সাহিত্য অকাডেমিৰ বড়ো উপদেষ্টা পৰিষদৰ আহ্বায়ক ড৹ অনিল বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োকে ধৰি বড়ো সমাজৰ ভালে কেইজন বিশিষ্ট লোক উপস্থিত থাকে ।

আনহাতে বঁটাপ্ৰাপক ড৹ কামেশ্বৰ ব্ৰহ্ম শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰাত ন্যাসৰ সহকাৰী সম্পাদক পিয়াৰী মোহন ব্ৰহ্মই বঁটা গ্ৰহণ কৰে । এই বঁটাত আছে 50 হাজাৰ টকাৰ এখন চেক, এখন অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আৰু এটা স্মাৰক ৷ অনুষ্ঠানত সাহিত্য অকাডেমি বঁটা লাভ কৰা ড৹ অজিত বড়োকো সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে, বিগত বৰ্ষত বিদ্যাসাগৰ নাৰ্জাৰীক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক: বৰপেটাত অনুজ্ঞাপত্ৰবিহীন ব্যৱসায়িক প্ৰতিষ্ঠান ছীল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.