গুৱাহাটী, 22 নৱেম্বৰ: বিজেপিৰ শাসনত অসমীয়া জাতি আৰু ভাষা খণ্ড-বিখণ্ড কৰাৰ চেষ্টা চলিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁয়ে (Dr Hiren Gohain criticizes Assam Govt)। মঙলবাৰে গুৱাহাটীৰ নিজৰাপাৰৰ বাসভৱনত অনুষ্ঠিত এক সংবাদমেলত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰি বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁয়ে কয় যে, বিজেপি চৰকাৰে অসমীয়া গাঁওসমূহৰ জৰীপ কৰাৰ কোনো কথা নকয় । তাৰ পৰিৱৰ্তে চৰকাৰে সময়ে সময়ে মিঞা মানুহক উচ্ছেদৰ কথা কয় (Religious Minorities in Assam)।
তেওঁ লগতে কয় যে, উচ্ছেদিত ভূমি খিলঞ্জীয়াৰ মাজত বিলাই দিয়া হ’ব বুলি চৰকাৰে উল্লেখ কৰে । কিন্তু পিছত চৰকাৰে বৃহৎ পুঁজিপতিৰ হাতলৈ ভূমিসমূহ হস্তান্তৰ কৰে । চৰকাৰে মূল সমস্যাবোৰ আঁতৰাই অসমীয়া মানুহ উৎসৱ পাৰ্বনত মতলীয়া কৰাৰ চেষ্টা কৰি আছে ।
বুদ্ধিজীৱীগৰাকীয়ে আৰু অভিযোগ কৰে যে, ৰাসৰ বাবে বলিউডৰ অভিনেতা আৰু অভিনেত্ৰী আনিলে নলবাৰীত । মানুহক চমক দেখুৱায় চৰকাৰে ক্ষমতাৰ ৰাজনীতি অটুট ৰখাৰ চেষ্টা চলাই আছে । চৰকাৰে থলুৱা পৰম্পৰা নিঃশেষ কৰাৰ পৰিকল্পনা কৰা বুলি তেওঁ অভিযোগ কৰে ।
ড৹ গোহাঁয়ে কয় যে, লাচিত দিৱস উদযাপনৰ মাজেৰে মোগলে অসম নিঃশেষ কৰাৰ পৰিকল্পনা ৰচিছিল বুলি চৰকাৰে প্ৰচাৰ চলাই মুছলমান বিদ্বেষৰ বীজ সিঁচাৰ কাম কৰি আছে (communal riots among Hindu Muslim)। দিল্লীত লাচিত দিৱসৰ কাৰ্যসূচী আয়োজন কৰাৰ আঁৰত আছে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ এক অভিসন্ধিমূলক উদ্দেশ্য ।
ইয়াৰোপৰি তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, অসমীয়া ভাষা নিশেষ কৰাৰ চৰকাৰৰ এয়া গভীৰ ষড়যন্ত্ৰ । অমিত শ্বাহে চিকিৎসা বিজ্ঞানত হিন্দী ভাষাৰ পাঠ্যপুথি বাধ্যতামূলক কৰিছে । আচলতে আৰ এছ এছ আৰু বিজেপিয়ে অসমীয়া ভাষা নিঃশেষ কৰি জাতিটো ভাগ ভাগ কৰাৰ চেষ্টা কৰি আছে ।
কামৰূপী ভাষাত নলবাৰীৰ মানুহে কবিতা লিখাত আপত্তি নাই বুলি মন্তব্য কৰি হীৰেন গোহাঁইয়ে কয় যে, কামৰূপী ভাষাক মান্য ভাষা প্ৰদানৰ বাবে এচামে উঠিপৰি লাগিছে । এয়া অসমীয়া ভাষাৰ বাবে শুভ লক্ষণ নহয় (Poem in Kamrupi Language)।
তেওঁ কয়, বিজেপি চৰকাৰে কেতিয়াও অসমীয়া মানুহৰ হিতৰ বাবে কাম কৰা নাই, ভৱিষ্যতেও নকৰে । মাত্ৰ আম্বানী, আদানীৰ স্বাৰ্থ ৰক্ষাৰ বাবহে এই চৰকাৰখনে কাম কৰি আছে । অসমত নিৱনুৱাৰ সংখ্যা দিনক দিনে বাঢ়িছে । অসমত কৰ্মসংস্থাপনৰ পথ নোহোৱা হৈছে । যাৰ বাবে দৈনিক ৰেলেৰে নিৱনুৱা যুৱক-যুৱতী কামৰ সন্ধানত দক্ষিণ ভাৰতলৈ ঢাপলি মেলে । এইবোৰ কথা কেতিয়াও প্ৰচাৰ নাপায় । এইদৰে কেইবাটাও বিষয়ত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাজ্যৰ বৰ্ষীয়ান চিন্তাবিদ তথা বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ৷
লগতে পঢ়ক: Peace Accord Package : শান্তি চুক্তিৰ ঘোষিত পেকেজৰ পুঁজি প্ৰদানত প্ৰতাৰণা কেন্দ্ৰৰ