গুৱাহাটী,16 ছেপ্টেম্বৰ: এজন স্থায়ী অধ্যক্ষৰ পৰিৱৰ্তে ভাৰপ্ৰাপ্ত অধ্যক্ষৰেই কাম চলি অহা ৰাজ্যিক প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদত অৱশেষত নিযুক্তি দিয়া হ'ল এজন স্থায়ী অধ্যক্ষ ৷ ৰাজ্য চৰকাৰে জাৰি কৰা এক নিৰ্দেশ যোগে ডঃ অৰূপ কুমাৰ মিশ্ৰক স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৷ মন কৰিবলগীয়া যে, অধ্যক্ষ নিযুক্তিৰ বিষয়টো দীৰ্ঘসময় ধৰি ন্যায়ালয়ত ওলমি থকাৰ বাবে পৰিষদ পৰিচালনা কৰি আহিছিল ভাৰপ্ৰাপ্ত অধ্যক্ষইহে ৷
উল্লেখ্য যে, ৰাজ্যিক প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদত স্থায়ী অধ্যক্ষ নথকাৰ বাবে পৰিবেশ আৰু বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ৱাই সূৰ্যনাৰায়নে দীৰ্ঘ দিনধৰি প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আহিছিল ৷ এতিয়া পূৰ্ণ পৰ্যায়ৰ অধ্যক্ষ হিচাপে ডঃ অৰূপ কুমাৰ মিশ্ৰক নিযুক্তি দিয়াৰ পিছত ৱাই সূৰ্যনাৰায়নক উক্ত পদৰ পৰা অব্যাহতি দিয়া হৈছে ৷
লগতে পঢ়কঃ মই পৃথিৱীৰ বেছিভাগ কামেই জানো, সুশান্তই কেৱল দালালি কৰিব জানে: অখিল