ETV Bharat / state

অৰুণাচল এৰিব লাগিব নেকি চাকমা আৰু হাজং জনগোষ্ঠীয়ে ? - অৰুণাচলৰ প্ৰায় 56 খন গাঁৱত 65867 গৰাকী ছাকমা আৰু হাজং

জনগোষ্ঠী পৰিচয়ৰ সংকটত পৰিছে অৰুণাচল প্ৰদেশত বসবাস কৰি অহা ছাকমা আৰু হাজং জনগোষ্ঠী৷ কিন্তু এই দুই জনগোষ্ঠীৰ পৰিচয় সংকটৰ সমস্যাৰ সমাধানৰ পক্ষত নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৷ আনকি নাগৰিকত্ব আইনৰ সংশোধনীৰ জড়িয়তে ভাৰতীয় নাগৰিকৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰতো আহিছে বহু সীমাবদ্ধতা ৷ কি হ'ব পৰিনাম ?

do-the-chakma-and-hajong-communities-have-to-leave-arunachal
অৰুণাচল এৰিব লাগিব নেকি চাকমা আৰু হাজং জনগোষ্ঠীয়ে ?
author img

By

Published : Aug 24, 2021, 9:19 PM IST

গুৱাহাটী,24 আগষ্ট: অৰুণাচল প্ৰদেশৰ মাটিত দশকৰ পাছত দশক ধৰি বসতি কৰি অহা ছাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকলক ৰাজ্য খনৰ পৰা নি আন স্থানত সংস্থাপিত কৰাৰ বাবে চৰকাৰে লোৱা তৎপৰতাই জনগোষ্ঠী দুটাৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যাৰ বাবে অৰুণাচলৰ প্ৰায় 56 খন গাঁৱত কেইবা দশক ধৰি বসবাস কৰি অহা‌ ছাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকলক স্থায়ী বাসিন্দাৰ স্বীকৃতি দিয়াৰ দাবী কৰিছে কেইবাটাও দল-সংগঠনে ৷

ইয়াৰ মাজতে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰে কমিটি ফৰ চিটিজেনশ্বিপ ৰাইটছ অৱ ছাকমা এণ্ড হাজংছ অৱ অৰুনাচল প্ৰদেশ নামৰ সংগঠনটোৱে অৰুণাচলত বসবাস কৰা ছাকমা আৰু হাজং জনগোষ্ঠীৰ লোকক স্থায়ী বাসিন্দাৰ স্বীকৃতি দিয়াৰ দাবী তোলে ৷ উল্লেখযোগ্য যে,যোৱা 15 আগষ্টত অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে তেওঁৰ ভাষণত কয় যে,ভাৰত চৰকাৰৰ সিদ্ধান্ত মৰ্মে ৰাজ্যৰ পৰা অনুপ্ৰবেশকাৰী সকলক বাহিৰ কৰি দিয়া হ'ব ৷

অৰুণাচল এৰিব লাগিব নেকি চাকমা আৰু হাজং জনগোষ্ঠীয়ে ?

যিহেতু ছাকমা সকল অনুসূচীত জনগোষ্ঠীৰ নহয় সেয়ে তেওঁ লোকো অৰুণাচলত থাকিব নোৱাৰিব ৷ পেমা খাণ্ডুৰ এই মন্তব্যৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও চাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকলক আন ঠাইলৈ স্থানান্তৰ কৰা হ'ব বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ পাছতে অৰুণাচল প্ৰদেশত বসতি কৰি অহা ছাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকলৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া ৷

মন কৰিবলগীয়া যে,চৰকাৰী হিচাপ মতে,অৰুণাচলৰ প্ৰায় 56 খন গাঁৱত 65867 গৰাকী ছাকমা আৰু হাজং জনগোষ্ঠীৰ লোকে বসবাস কৰি আছে ৷ এই সন্দৰ্ভত অৰুণাচল প্ৰদেশ চাকমা ছাত্ৰ সন্থাৰ সভাপতি দৃশ্য মুণি চাকমাই সাংবাদিকৰ আগত কয় যে, অৰুণাচলত থকা নব্বৈ শতাংশ লোকেই জন্ম সূত্ৰে ভাৰতৰ নাগৰিক ৷ নাগৰিকত্ব আইন 1955 ৰ 3 নং ধাৰা অনুসৰি এই কথা স্পষ্ট ৷ কিন্তু তাৰ পিছতো পেমা খাণ্ডু আৰু কিৰেণ ৰিজিজুয়ে চাকমা আৰু হাজং সকলক ৰাজ্যৰ পৰা বাহিৰলৈ পঠিয়াব বিচাৰিছে ৷

লগতে পঢ়কঃ নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নদ্দা

নেতা গৰাকীয়ে জনোৱা মতে, 2020 চনৰ 20 ফেব্ৰুৱাৰীত ইটানগৰত আয়োজিত এক সভাত অংশগ্ৰহন কৰাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক জনগোষ্ঠী দুটাৰ প্ৰতিনিধি য়ে সাক্ষাৎ কৰিছিল ৷ সেই সময়ত শ্বাহে কৈছিল যে, নাগৰিকত্ব আইনৰ সংশোধনী আৰু দেশৰ উচ্চতম ন্যায়ালয়ে 1996 আৰু 2015 চনত দিয়া ৰায়ে চাকমা আৰু হাজং সকলক নাগৰিকত্ব প্ৰদানক সমৰ্থন কৰে ৷ গতিকে এই দুয়োটা জনগোষ্ঠীৰ নাগৰিকত্ব সম্ভৱ ৷ কিন্তু এতিয়া সেই প্ৰতিশ্ৰুতি অহাৰ প্ৰতিপন্ন হৈছে ৷

সংবাদমেলত জনগোষ্ঠী দুটাৰ প্ৰতিনিধি সকলে স্পষ্ট কৰি দিয়ে যে, যদি অৰুনাচল চৰকাৰে ৰাজ্য খনত বাস কৰি অহা চাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকলৰ প্ৰতি দৃষ্টিভংগীৰ পৰিবৰ্তন ‌‌নকৰে তেতিয়া হ'লে প্ৰতিৰোধ আন্দোলন গঢ়ি তোলা হ'ব ৷ সংবাদমেলত উপস্থিত থাকে সুবিমল বিকাশ চাকমা, মহেন্দ্ৰ চাকমা, ৰাকেশ চাকমা, সতকাম ফুকনকে প্ৰমুখ্য কৰি কেইবাগৰাকীও নেতা কৰ্মী ৷

লগতে পঢ়কঃ অসম-মেঘালয় সীমান্তত খাচী লোকৰ উপদ্ৰৱ: ভাঙি চুৰমাৰ অসম আৰক্ষীৰ শিবিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.