ETV Bharat / state

মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেন্টাৰত দীপাৱলী উদযাপন

author img

By

Published : Nov 3, 2021, 10:28 PM IST

মহানগৰীত দ্বীপোৎসৱ উদযাপন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এই অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

diwali celebrate in guwahati
মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেন্টাৰত দীপাৱলী উদযাপন

গুৱাহাটী, ৩ নৱেম্বৰ : গুৱাহাটী পৌৰ নিগম আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত বুধবাৰে পাণবজাৰস্থিত মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেন্টাৰত দীপাৱলী উদযাপন কৰা হয় ৷ এই অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ব্ৰহ্মপুত্ৰ নদীক লৈ বহু নতুন কল্পনা আছে অসম চৰকাৰৰ । গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পৰা সুন্দৰকৈ সজাই পৰাই তোলাৰ পৰিকল্পনা আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৬ ছেপ্টেম্বৰত মান কি বাট অনুষ্ঠানত ভাৰতৰ সকলো নদীক কেন্দ্ৰ কৰি এক নদী উৎসৱ আয়োজন কৰাৰ আহ্বান জনাইছিল ।

জলবায়ু পৰিৱৰ্তনে আমাৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে । আগত অসমত নৱেম্বৰ মাহত ঠাণ্ডা হয় । কিন্তু এতিয়াৰ পৰিবেশ সুকীয়া । এতিয়ালৈ ঠাণ্ডা পৰা নাই । নদী উৎসৱৰ জৰিয়তে আমাৰ নদীৰ লগত প্ৰাকৃতিক ভাৰসাম্য মিলাবলৈ সংকল্প ল'ব লাগিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

তদুপৰি প্ৰধানমন্ত্ৰীয়ে নদী উৎসৱ পালন কৰাৰ কথা অধ্যাত্মিক বা ধৰ্মীয় ফালৰ পৰা নহয় আজিৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰাসংগিকতা তাক তেখেতে ৰাইজৰ আগত অনাৰ চেষ্টা কৰিছে । আমি নদী আৰু প্ৰাকৃতিক সম্পদৰ গুৰুত্ব উপলব্ধি কৰি নদীক কেনেকৈ অৰ্থনৈতিক উন্নয়নত ব্যৱহাৰ কৰিব পাৰিম তাৰ চিন্তা কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে ড৹ শৰ্মাই ।

অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংঘাল, সাংসদ কুইন ওজা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্তকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানৰ শেষত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

লগতে পঢ়ক : দীপাৱলী উপলক্ষে 5 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.