গুৱাহাটী, ১৯ ডিচেম্বৰ : দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিখন অৰুণোদয় আঁচনিৰ লগত সংযোগ কৰাৰ সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰিছে দিব্যাংগ মঞ্চ, অসমে (Divyangjan Mancha Protest in Guwahati)৷ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ অধীনত 1000 টকাৰ পৰিৱৰ্তে 3000 টকাকৈ প্ৰদানৰো দাবী জনাইছে দিব্যাংগসকলে (Divyangjan pension linked with Orunudoi scheme) ৷
সোমবাৰে এই দুই দাবীৰে জনতা ভৱনৰ সন্মুখ উত্তাল কৰিলে দিব্যাংগ মঞ্চই ৷ দিব্যাংগ মঞ্চ, অসমে জনতা ভৱনৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ আনহাতে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত দিব্যাংগসকলৰ বাবে সংৰক্ষিত 513 টা পদত নিযুক্তিত বিসংগতিৰ অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে (Differently abled recruitment Assam)৷
প্ৰতিবাদকাৰীসকলে কয় যে 2018 চনৰ 31 ডিচেম্বৰত প্ৰতিবন্ধীসকলৰ বাবে বেকলগ হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৮৬৩ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল ৰাজ্য চৰকাৰে ৷ ইয়াৰে তৃতীয় বৰ্গৰ পদসমূহত ২০১৯ চনতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰে ৷ বাকী থকা ৫১৩ টা চতুৰ্থ বৰ্গৰ পদৰ বাবে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা নিযুক্তি পৰীক্ষা সম্পন্ন কৰে ৷
যোৱা ৪ ডিচেম্বৰত চতুর্থ বৰ্গৰ ৫১৩ টা পদৰ নিযুক্তিৰ বাবে চূড়ান্ত তালিকাখন প্ৰকাশ হয় । কিন্তু তালিকাখনত বিভিন্ন বিসংগতি থকাৰ অভিযোগ উত্থাপন কৰিছে দিব্যাংগ মঞ্চই ৷ পৰীক্ষাত নবহা প্ৰাৰ্থীৰ নামো তালিকাখনত সন্নিৱিষ্ট থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মঞ্চই ৷ সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাই এই বিষয়ত উচিত তদন্ত কৰিবলৈ দাবী জনায় ৷ ইতিমধ্যে এই বিষয় সন্দৰ্ভত আদালতৰো কাষ চাপিছে দিব্যাংগ মঞ্চই ।
আনহাতে প্ৰতিবাদকাৰীসকলে চৰকাৰে অৰুণোদয়ৰ লগত দিব্যাংগ পেঞ্চনৰ সংযোগ কৰাৰ কাৰ্যক বিৰোধিতা কৰি কয় যে অৰুণোদয় আঁচনি নালাগে, দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিহে লাগে ৷ ইয়াৰোপৰি দিব্যাংগ পেঞ্চন আঁচনিৰ ধন 1000 ৰ পৰিৱৰ্তে 3000 টকাকৈ দিয়াৰ দাবী জনায় দিব্যাংগ মঞ্চ, অসমে ৷
লগতে পঢ়ক: Assam APSC Sacm: গোমোঠা মাৰিছে APSC কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া