ETV Bharat / state

77th Independence Day : খানাপাৰা পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰক ড্ৰোন উৰণ নিষিদ্ধ এলেকা ঘোষণা

author img

By

Published : Aug 14, 2023, 8:23 PM IST

দুদিনৰ বাবে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ ড্ৰোন উৰণ নিষিদ্ধ এলেকা ঘোষণা। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে এই নিৰ্দেশনা।

Khanapara College of Veterinary Science
পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰক ড্ৰোন উৰণ নিষিদ্ধ এলেকা ঘোষণা

গুৱাহাটী, 14 আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান ক্ষণ বাকী ৷ 77 সংখ্যাক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী ৷ সমগ্ৰ দেশৰ লগতে অসমতো 77 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ সদৰত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হ’ব 77 সংখ্যক স্বাধীনতা দিৱস ৷ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল-সংগঠন, স্থানীয় প্ৰশাসনৰ উদ্যোগতো উদযাপন কৰা হ’ব 77 সংখ্যক স্বাধীনতা দিৱস ৷

ৰাজ্যত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ পুৱা 9 বজাত আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পতাকা উত্তোলনৰ পাছত অসম আৰক্ষী, অৰ্দ্ধ সামৰিক বাহিনীকে ধৰি বহুকেইটা দলৰ কুচকাৱাজ প্ৰদৰ্শন কৰা হ'ব ৷

স্বাধীনতা দিৱসৰ পূৰ্বে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰক ড্ৰোন উৰণ নিষিদ্ধ এলেকা ঘোষণা ৷ ৰাজ্যিক পৰ্যায়ৰ স্বাধীনতা দিৱস উদযাপনৰ পৰিপেক্ষিতত খানাপাৰা পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ আৰু ইয়াৰ চৌদিশৰ এলেকাত দুদিনৰ বাবে ড্ৰোন উৰণ নিষিদ্ধ ঘোষণা কৰা হৈছে ৷ 14 আগষ্ট আৰু 15 আগষ্টত ড্ৰোন উৰণ নিষিদ্ধ এলেকা (No Drone Fly Zone) হিচাবে ঘোষণা কৰা হৈছে ৷

এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে জাৰি কৰিছে এক নিৰ্দেশ ৷ বিগত বৰ্ষৰ দৰে এই বৰ্ষও স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ অসম চৰকাৰে গ্ৰহণ কৰিছে স্বাধীনতা দিৱসৰ কিছু বিশেষ কাৰ্যসূচী ৷ দেওবাৰে কেন্দ্ৰীয় ভাৱে দীঘলীপুখুৰীত পালন কৰা হয় প্ৰাক স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ আনহাতে স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷

Khanapara College of Veterinary Science
ড্ৰোন উৰণ নিষিদ্ধ এলেকা ঘোষণা

ৰে’ল পথ, নদী পথৰ লগতে মহানগৰীৰ অলিয়ে-গলিয়ে কটকটীয়া তালাচী চলাইছে মহানগৰ আৰক্ষীয়ে ৷ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি খানাপাৰা পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰতো এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷

লগতে পঢ়ক : Independence Day 2023 : তিনিচুকীয়াত কটকটীয়া নিৰাপত্তাৰ মাজেৰে 77 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.