ETV Bharat / state

দিছপুৰে বিচাৰিছে খিলঞ্জীয়া মুছলমান চাহ জনগোষ্ঠী লোকৰ সবিশেষ তথ্য - dispur seeks details of indigenous muslim tea community

দিছপুৰক লাগে খিলঞ্জীয়া মুছলমান আৰু চাহ জনগোষ্ঠীয় লোকৰ জনসংখ্যাৰ বিতং তথ্য । ৰাজ্যৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগে সকলো জিলাৰ উপায়ুক্তলৈ এই সম্পৰ্কে এখন পত্ৰ প্ৰেৰণ কৰিছে ।

দিছপুৰে বিচাৰিছে খিলঞ্জীয়া মুছলমান চাহ জনগোষ্ঠী লোকৰ সবিশেষ তথ্য

author img

By

Published : Jul 31, 2021, 4:48 PM IST

গুৱাহাটী, 31 জুলাই : অসমত বসবাস কৰি অহা খিলঞ্জীয়া মুছলমান আৰু চাহ জনগোষ্ঠীয় লোকৰ জনসংখ্যাৰ বিতং তথ্য লাগে দিছপুৰক । ইতিমধ্যে ৰাজ্যৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগে সকলো জিলাৰ উপায়ুক্তলৈ এই সম্পৰ্কে এখন পত্ৰ প্ৰেৰণ কৰিছে । বিভাগটোৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে ইটিভি ভাৰতৰ আগত ।

সূত্ৰটোৰ মতে খিলঞ্জীয়া মুছলমান হিচাপে চিহ্নিত সম্প্ৰদায়কেইটা হ'ল- গৰিয়া, মৰিয়া, দেশী, ময়মাল আৰু জোলহা । ইয়াৰ উপৰি ৰাজ্যত বসবাস কৰি চাহ জনগোষ্ঠীয় লোকসকলৰো জিলাভিত্তিক জনসংখ্যাৰ হিচাপ দাখিল কৰিবলৈ কোৱা হৈছে উপায়ুক্ত সকলক । মন কৰিবলগীয়া যে ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছৰে পৰাই ৰাজ্যত বসবাস কৰি অহা খিলঞ্জীয়া মুছলমান আৰু চাহ জনগোষ্ঠীক লৈ চৰকাৰখনে বিশেষ ধৰণে তৎপৰ হৈ উঠা দেখা গৈছে ।

লগতে পঢ়ক: ফলাফল সন্দৰ্ভত কি ক'লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে ?

আনহাতে 2021 বৰ্ষটো হৈছে লোকপিয়লৰ বৰ্ষ । ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিব পৰা নাই লোকপিয়ল । তেনেক্ষেত্ৰত ভৈয়াম জনজাতি উন্নয়ন বিভাগে চাহ জনগোষ্ঠী আৰু খিলঞ্জীয়া মুছলমানৰ জনসংখ্যাৰ বিতং তথ্য বিচৰা ঘটনা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.