ETV Bharat / state

Tora's Husband release date: মাত্ৰ দুদিন পিচত ছবিগৃহলৈ আহি আছে ৰীমা দাসৰ তৰা’ছ হাজবেণ্ড

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:43 PM IST

অহা ২২ ছেপ্টেম্বৰত মুক্তি পাব পৰিচালক ৰীমা দাসৰ নতুন ছবি "তৰা’ছ হাজবেণ্ড"। অসমৰ ৩০ টা ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন । অসমৰ লগতেই অষ্ট্ৰেলিয়াতো মুক্তি দিয়া হ’ব ছবিখন।

Director Rima Das's new film 'Tora's Husband' is set to hit theaters on September 22
ৰীমা দাসৰ তৰা'ছ হাজবেণ্ড মুক্তিৰ পথত

ৰীমা দাসৰ তৰা'ছ হাজবেণ্ড মুক্তিৰ পথত

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: 'ভিলেজ ৰক ষ্টাৰ' ছবিখনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা পৰিচালক ৰীমা দাসৰ নতুন ছবি 'তৰা’ছ হাজবেণ্ড' ৷ তৰা’ছ হাজবেণ্ড ছবিখনৰ মুক্তিৰ মাজত আছে মাত্ৰ দুটা দিন ৷ অহা ২২ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ছবিখন । অসমৰ প্ৰায় ৩০ টা ছবিগৃহত অহা ২২ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব "তৰা’ছ হাজবেণ্ড"। অসমৰ লগতে মুম্বাই, হায়দৰাবাদ, দিল্লী, বাংগালুৰু, চেন্নাইতো মুক্তি দিয়া হ’ব ছবি, যাতে কৰ্ম ক্ষেত্ৰত বাহিৰত থকা লোকেও ছবিখন উপভোগ কৰিব পাৰে ।

ইয়াৰোপৰি অষ্ট্ৰেলিয়াত ছবিখনৰ বিশেষ দৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। অৱশ্যে বহিঃ ৰাজ্যত ২৮ ছেপ্টেম্বৰত হে মুক্তি দিয়া হ’ব । অকল অসমতেই ২২ ছেপ্টেম্বৰত ছবিখন মুকলি কৰা হ’ব ৷ উল্লেখ্য যে, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিৎ দাস আৰু তৰালী দাসে । লগতে ছবিখনত অভিনয় কৰিছে পূর্বাঞ্চলী দাস, সীমান্ত দাস, সুকুমাৰ মেধি, নিকুঞ্জ খাউণ্ডকে ধৰি কেইবাজনো অভিনেতা-অভিনেত্ৰীয়ে ।

ক’ভিড মহামাৰী আৰু লকডাউনৰ সময়ত সৃষ্টি হোৱা বিভীষিকা আৰু প্রত্যাহ্বানৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে "তৰা’ছ হাজবেণ্ড"। অসমৰ পটভূমিত নিৰ্মাণ কৰা ছবিখনৰ কাহিনীৰ মূলত তৰাৰ গিৰিয়েক, যিজন এজন মৰমীয়াল পিতৃ আৰু প্ৰতিবেশীৰ সৈতে মিলাপ্ৰীতিৰে থকা লোক। লকডাউন আৰু ক্ষয়-ক্ষতিৰ মাজত সৰু চহৰখনত থকা ব্যৱসায় বৰ্তাই ৰখাৰ বাবে তেওঁ প্ৰাণপণ সংগ্ৰাম কৰে । নিম্নমূখী হোৱা ব্যৱসায় আৰু ব্যক্তিগত সম্পৰ্কবোৰে বেয়ালৈ গতি কৰাৰ সময়তো নিজক প্ৰেৰণা দি তেওঁ যাত্ৰা অব্যাহত ৰখাৰ সংকল্প কৰে ।

ইফালে ২০২২ চনত টৰেণ্টো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ প্রতিযোগিতা শাখাত ছবিখনৰ ৱর্ল্ড প্রিমিয়াৰ অনুষ্ঠিত হয় ৷ বুছান চলচ্চিত্র মহোৎসৱতো ছবিখনৰ প্রিমিয়াৰ ইতিমধ্যে অনুষ্ঠিত হৈছে। একেদৰেই বেংককতো অনুষ্ঠিত বিশ্ব চলচ্চিত্র মহোৎসৱ, হেইনান আইলেণ্ড ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, অ’ছাকা এছিয়ান, চলচ্চিত্র মহোৎসৱ, কলকাতা চলচ্চিত্র মহোৎসৱ, পুনে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱতো "তৰা'ছ হাজবেণ্ড" ছবিখন ইতিমধ্যে প্রদর্শিত হৈছে । আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে ।

লগতে পঢ়ক: Krishnasura dot com: অসমীয়া ৱেৱ ছিৰিজ কৃষ্ণচূড়া ডট কমৰ পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ স’তে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.