ETV Bharat / state

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত ভূৱনেশ্বৰ কলিতা,অজিত ভূঞা,বিশ্বজিৎ দৈমাৰী

author img

By

Published : Mar 13, 2020, 4:55 PM IST

ৰাজ্যসভাত খালী হোৱা তিনিখন আসনৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ভূৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু বিশ্বজিৎ দৈমাৰী । শুকুৰবাৰে আছিল মনোনয়ন দাখিলৰ অন্তিম দিন । সেই অনুসৰি বিয়লি তিনি বজাৰ লগে লগে মনোনয়ন দাখিলৰ সময় অন্ত পৰে ।

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত

গুৱাহাটী,১৩ মাৰ্চঃ তিনিখন আসনৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাত নিৰ্বাচনৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰে । প্ৰাৰ্থী তিনিগৰাকী হৈছে ভূৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু বিশ্বজিৎ দৈমাৰী । অৱশ্যে,বিনা প্ৰতিদ্বন্দিতাৰে তিনিও গৰাকী প্ৰাৰ্থী জয়ী হ'লেও আনুষ্ঠানিকভাৱে তেওঁলোকক বিজয়ী ঘোষণা কৰা হোৱা নাই । কিয়নো মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ১৮ মাৰ্চৰ বিয়লি 3 বজা । গতিকে ১৮ মাৰ্চৰ বিয়লি তিনি বজাৰ পিছতহে শাসক পক্ষৰ প্ৰাৰ্থী হিচাপে ভূৱনেশ্বৰ কলিতা আৰু বিশ্বজিৎ দৈমাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অজিত কুমাৰ ভূঞা বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব । লগে লগে ২৬ মাৰ্চৰ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰিব ।

direct entry at rajya sabha ajit bhuyan bhubneswar kalita biswajit daimary guwahati assam etv bharat news

ইপিনে,তৃতীয়খন আসনৰ বাবে সাংবাদিক অতনু ভূঞাই মনোনয়ন দাখিল কৰিব বুলি ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চৰ্চা চলিছিল আৰু তেনে হোৱা হ'লে নিৰ্বাচন অৱধাৰিত আছিল । কিন্তু অৱশেষত মনোনয়ন দাখিল নকৰিলে অতনু ভূঞাই ।

লগতে চাওকঃগগৈ-আজমলক লগত লৈ মনোনয়ন দাখিল কৰিলে অজিত কুমাৰ ভূঞাই

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.