ETV Bharat / state

ULFA I Executes Two Cadre: মৃত দুই আলফা (স্বাঃ) কেডাৰৰ মৃতদেহ ঘৰলৈ ঘূৰাই পঠাবলৈ আহ্বান জিপি সিঙৰ

দুগৰাকী আলফা স্বাধীন সদস্যক চৰম শাস্তি প্ৰদান কৰাৰ কাৰণ উল্লেখ কৰি আলফা (স্বাঃ) এ সংবাদমাধ্যলৈ বিবৃতি প্ৰদান কৰাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷ মৃত দুই সদস্যৰ মৃতদেহকেইটা ঘৰলৈ ঘূৰাই দিবলৈ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 8:19 PM IST

মৃত দুই আলফা কেডাৰৰ মৃতদেহ ঘৰলৈ ঘূৰাই পঠাবলৈ আহ্বান

গুৱাহাটী, 3 অক্টোবৰ: আলফা স্বাধীনৰ ম্যানমাৰস্থিত শিবিৰ GHQত অসম আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত আলফা (স্বাঃ) এ মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তি বিহিছিল সংগঠনটোৰ কেডাৰ লাচিত হাজৰিকা ওৰফে এ.জেদ শিৰোনাম অসম আৰু নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসমক ৷

ইয়াৰ পিচতে দুগৰাকী কেডাৰক মৃত্যুদণ্ড দিয়া সন্দৰ্ভত সংবাদ মাধ্যমলৈ বিবৃতি প্ৰদান কৰিছে আলফা স্বাধীনে ৷ শীৰ্ষ নেতা লাচিত হাজৰিকা ওৰফে এ.জেদ শিৰোনাম অসম আৰু মহিলা কেডাৰ নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসমৰ বিৰুদ্ধে উত্থাপন হোৱা সংগঠন বিৰোধী একাধিক অভিযোগৰ ভিত্তিত আলফা স্বাধীনৰ সংবিধান অনুসৰি চলা মাহজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত দোষী সাব্যস্ত হোৱাত মৃত্যুদণ্ড দিয়া বুলি উল্লেখ কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷

আলফা স্বাধীনে প্ৰদান কৰা বিবৃতিৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷ 'X' যোগে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়,"প্ৰেছ বিজ্ঞপ্তিৰ ভূমিকা সীমিত । অনুগ্ৰহ কৰি মৃতদেহবোৰ জংঘলৰ পৰা ঘূৰাই পঠাওক । পৰিয়ালক অন্তিম শ্ৰদ্ধা জনোৱাৰ সুযোগ হওক ৷"

  • প্ৰেছ বিজ্ঞপ্তিৰ ভূমিকা সীমিত। অনুগ্ৰহ কৰি মৃতদেহবোৰ জংঘলৰ পৰা ঘূৰাই পঠাওক। পৰিয়ালক অন্তিম শ্ৰদ্ধা জনোৱাৰ সুযোগ হওক। https://t.co/alADrbuSU1

    — GP Singh (@gpsinghips) October 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, দুয়োগৰাকী আলফা স্বাধীনৰ কেডাৰৰ পৰিয়ালেও সংগঠনটোৰ মুৰব্বী তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক ধিক্কাৰ জনাই মৃতদেহ ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰিছে ৷ আলফা স্বাধীনে নিজ সতীৰ্থৰ বিৰুদ্ধে লোৱা এনে চৰম পদক্ষেপৰ পাছত ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

ইফালে, মঙলবাৰে পুৱাৰ ভাগতেই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আন এক ‘X’ প’ষ্টযোগে কয়, "জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰে সকলোকে চিন্তিত কৰিছে ৷ অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ, যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব ৷"

  • জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে - অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ - যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব ॥@assampolice @CMOfficeAssam

মন কৰিবলগীয়া যে, বিগত 20 ছেপ্টেম্বৰতেই দুয়োগৰাকী কেডাৰক আলফা স্বাধীনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল যদিও এতিয়াহে পোহৰলৈ আহে এই ঘটনা ৷ যোৱা 24 ছেপ্টেম্বৰত ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়ন কৰা দুগৰাকী কেডাৰে আৰক্ষীৰ ওচৰত লাচিত হাজৰিকা ওৰফে এ.জেদ শিৰোনাম অসম আৰু মহিলা কেডাৰ নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসমক মৃত্যুদণ্ড দিয়া বুলি বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰে ৷ ইয়াৰ পাচত, আলফা স্বাধীনে মঙলবাৰে বিবৃতিযোগে স্পষ্টীকৰণ প্ৰদান কৰে ৷

লগতে পঢ়ক: ULFA I Executes Two Cadre: লাচিতৰ পৰিয়ালত কান্দোনৰ ৰোল; সহোদৰৰ তেজেৰে হাত ৰাঙলী কৰিলে আলফা (স্বাঃ) এ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.