ETV Bharat / state

দেওবাৰৰ পৰীক্ষাত সাংবাদিকক হুলস্থূল নকৰিবলৈ ক’লে ডিজিপিয়ে - তৃতীয় বিভাগৰ নিযুক্তি পৰীক্ষাত

ইন্টাৰনেট কৰ্তনৰ দৰে অভূতপূৰ্ব নিৰাপত্তাৰ মাজেৰে কৰি দেওবাৰে পুনৰ অনুষ্ঠিত হ’ব পৰীক্ষা ৷ পৰীক্ষাৰ সময়ত মানি চলিবলগীয়া নিয়মৰ সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তই কয় যে, কোনো লোকে অনিয়ম সংঘটিত কৰিলে পিঠি ফালি দিয়া হ’ব ৷ সংবাদ মাধ্যমকো হুলস্থূল নকৰিবলৈ আহ্বান জনায় ভাস্কৰজ্যোতি মহন্তই(DGP Bhaskarjyoti Mahanta) ৷

DGP Bhaskarjyoti Mahanta
দেওবাৰৰ পৰীক্ষাত সাংবাদিকক হুলস্থূল নকৰিবলৈ ক’লে ডিজিপিয়ে
author img

By

Published : Aug 27, 2022, 7:55 PM IST

গুৱাহাটী, ২৭ আগষ্ট: বহু আশাৰে কাইলৈ তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’ব ৰাজ্যৰ 8,52,181 গৰাকী শিক্ষিত যুৱক-যুৱতী (Assam Grade 3 recruitment written exam)৷ যোৱা 21 আগষ্টত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত দেওবাৰেও অনুৰূপ নিৰাপত্তা বেষ্টনীৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাইছে ৰাজ্য চৰকাৰে (Assam recruitment exam 2022)৷

দেওবাৰৰ পৰীক্ষাত সাংবাদিকক হুলস্থূল নকৰিবলৈ ক’লে ডিজিপিয়ে

21 আগষ্টৰ দৰেই 28 আগষ্টৰ পৰীক্ষাত নিষিদ্ধ কৰা হৈছে মোবাইল ফোনৰ লগতে সকলো ইলেক্ট্ৰনিক সামগ্ৰী (Internet ban during exam hour)৷ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কৰা হ’ব তন্ন-তন্নকৈ ৷ সমগ্ৰ বিষয়টোৰ সম্পৰ্কত শনিবাৰে সংবাদমেল সম্বোধন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskarjyoti Mahanta)৷

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ সন্দৰ্ভত অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে সংবাদমেলযোগে প্ৰদান কৰা এক মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ৷ পৰীক্ষাৰ্থীসকলে যাতে কোনোধৰণৰ অনিয়ম নকৰে তাৰ প্ৰতি আহ্বান জনাবলৈ গৈ ‘‘পিঠি ফালি দিয়া হ’ব’’ বুলি কৰা মন্তব্যক লৈ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে ৷

ৰাজ্যৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই পৰীক্ষাৰ পূৰ্বেই পৰীক্ষাৰ্থীক লক্ষ্য কৰি প্ৰকাশ কৰা এনে অশোভনীয় মন্তব্যক চোকা সমালোচনা কৰিছে একাংশই ৷ প্ৰাৰ্থীসকলক অলাগতিয়াল একো বস্তু পৰীক্ষা কেন্দ্ৰলৈ নানিবলৈ তেওঁ আহ্বান জনায় ৷ লগতে তেওঁ কয় যে যান-জঁটৰ বাবে যাতে পৰীক্ষা অনুষ্ঠিত কৰাত পলম নহয় তাৰ বাবে এদিন পূৰ্বেই প্ৰশ্ন কাকত আনিবলৈ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

পৰীক্ষাৰ্থীসকক যিমান সম্ভৱ সিমান সোনকালে পৰীক্ষা কেন্দ্ৰলৈ অহাৰ বাবে আহ্বান জনাই তেওঁ কয় - ‘‘বদমাছি কৰিলে ৰেহাই দিয়া নহ’ব ৷ জে’ললৈ যাবলগীয়া হ’ব’’৷ কোনো পৰীক্ষাৰ্থীয়ে অনিয়ম সংঘটিত কৰিলে ‘‘পিঠি ফালি দিয়া হ’ব’’ বুলিও একপ্ৰকাৰে সতৰ্ক কৰি দিয়ে ৷ আনহাতে সংবাদ মাধ্যমকো হুলস্থূল লগাই আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: মৰাণৰ তিনিটাকৈ কেন্দ্ৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.