ETV Bharat / state

Assam Health Alert: কুম্ভকৰ্ণ নিদ্ৰাত স্বাস্থ্য বিভাগ, কাৰ্বি পাহাৰত ডেংগুৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ - Karbi Anglong japanese encephalitis spread

ৰাজ্যত বৃদ্ধি পাইছে জাপানী এনকেফেলাইটিছ আৰু ডেংগু ৰোগীৰ সংখ্যা ৷ কাৰ্বি আংলং জিলাত ডেংগুৰ ভয়াবহ প্ৰাদুৰ্ভাব ৷ বৰ্তমানলৈকে ৰাজ্যত ডেংগু ৰোগত চিনাক্ত হৈছে 4025 গৰাকী ৷

Assam Health Alert
কাৰ্বি পাহাৰত ডেংগীৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:50 PM IST

গুৱাহাটী,26 আগষ্ট: অসমত দিনক দিনে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ, ডেংগু ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ তথাপিও কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ চৰকাৰৰ স্বাস্থ্য বিভাগ ৷ স্বাস্থ্য বিভাগৰ অৱহেলা আৰু দায়িত্ববোধহীনতাৰ বাবে ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আৰু ডেংগুৰ প্ৰাদুৰ্ভাৱ দিনক দিনে ভয়াবহ ৰূপত বৃদ্ধি পাইছে ৷

বিগত বছৰৰ তুলনাত এইবাৰ ৰাজ্যত জাপানী এনকেফেলাইটিছত আৰু ডেংগুৰ প্ৰাদুৰ্ভাৱ ভয়াবহ ৰূপত বৃদ্ধি পাইছে । জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা পূৰ্বৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে । এন এইচ এমে প্ৰকাশ কৰা তথ্যত এই কথা প্ৰতিফলিত হৈছে । এন এইচ এমে শনিবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য মতে চলিত বৰ্ষৰ এক জানুৱাৰীৰপৰা আজি পর্যন্ত ৰাজ্যত 26 জন জাপানী এনকেফেলাইটিছত আৰু চাৰিজন লোকৰ ডেংগুত মৃত্যু হৈছে ।

অৱশ্যে মেলেৰিয়াত কোনো লোকৰ মৃত্যু হোৱা নাই । 2023 বৰ্ষৰ বৰ্তমানলৈকে ৰাজ্যত জাপানীজ এনকেফেলাইটিছত 452 জন আক্ৰান্ত হৈছে । 2022 বৰ্ষত মাত্ৰ 390 গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছিল । ইয়াৰ পৰা দেখা যায় যে জাপানীজ এনকেফেলাইটিছত প্ৰাদুৰ্ভাৱ ভয়াবহ ৰূপত বৃদ্ধি পাইছে । ঠিক সেইদৰে ডেংগুৰ প্ৰাদুৰ্ভাৱো ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পাইছে।

বৰ্তমানলৈকে ৰাজ্যত ডেংগু ৰোগত চিনাক্ত হৈছে 4025 গৰাকী । উল্লেখ্য যে কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ডেংগুৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে । তাৰ পিচতো কিন্তু স্বাস্থ্য বিভাগৰ গা লৰা নাই । কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত 500 তকৈ অধিক লোক ডেংগুত আক্ৰান্ত হৈছে । এন এইচ এমৰ তথ্য মতে শুকুৰবাৰে কাৰ্বি আংলংত 92 গৰাকী লোক ডেংগুত আক্ৰান্ত হোৱাৰ বিপৰীতে শনিবাৰে পুনৰ 56 গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে । আনহাতে ডিমা হাচাও জিলাত শুকুৰবাৰে 15 গৰাকী ডেংগুত আক্ৰান্ত হোৱাৰ বিপৰীতে শনিবাৰে 14 গৰাকী ডেংগুত আক্ৰান্ত হৈছে । এনেদৰে কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ডেংগুত আক্ৰান্ত লোকৰ‌ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে ৷

লগতে পঢ়ক:MP Fund: সাংসদ পুঁজি ব্যয়ত ব্যৰ্থ উচ্চ সদনত অসমক প্ৰতিনিধিত্ব কৰা সাতগৰাকী প্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.