ETV Bharat / state

সাৱধান ! কৰ'ণাৰ লগতে আহিছে ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ - জাপানীজ এনকেফেলাইটিছ অসম

২০১৯ চনৰ কালিৰ দিনটোলৈকে অৰ্থাৎ ১২ জুলাই পৰ্যন্ত ৰাজ্যত ৩৩৪ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী আৰু ৩২ গৰাকী ডেংগুত আক্ৰান্ত ৰোগী ধৰা পৰিছিল আৰু ইয়াৰে ৭১ গৰাকী ৰোগী জাপানীজ এনকেফেলাইটিছত মৃত্যুমুখত পৰিছিল । এইবছৰ ১২ জুলাই পৰ্যন্ত ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হৈছে ৬৬ গৰাকী আৰু ইয়াৰে ৯ গৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে ।

Assam
সাৱধান
author img

By

Published : Jul 13, 2020, 5:44 PM IST

Updated : Jul 13, 2020, 5:57 PM IST

গুৱাহাটী, ১৩ জুলাই: জ্বৰ উঠা মানেই কোভিড ১৯ নহ'বও পাৰে । সেয়া হ'ব পাৰে মেলেৰিয়া,ডেংগু কিম্বা জাপানীজ এনকেফেলাইটিছৰ লক্ষণ । কিয়নো, অসমত এতিয়া জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াৰ সময় । সাধাৰণতে এই সময়চোৱাতে প্ৰতি বছৰে এই তিনিবিধ ৰোগে একপ্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰে ৰাজ্যখনত । এইবাৰো কৰ'ণাৰ সমানে সমানে প্ৰাদুৰ্ভাৱ ঘটিছে এই ৰোগকেইবিধৰ । ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই কথা ।

কৰ'ণাৰ লগতে আহিছে ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছো

লগতে পঢ়কঃ কৰ'ণাক পৰাস্ত নগাঁৱৰ দুই চাফাই কৰ্মীৰ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM) অসমৰ যুটীয়া সঞ্চালক (মেলেৰিয়া)তথা NVBDCP ৰ SPO ডাঃ হৰপাল সিং চূৰীয়ে সোমবাৰে ETV ভাৰতৰ আগত এই কথা প্ৰকাশ কৰি কয় যে বিগত বছৰটোত অৰ্থাৎ ২০১৯ চনৰ ১২ জুলাই পৰ্যন্ত ৰাজ্যত মেলেৰিয়া ৰোগী চিনাক্ত হৈছিল ৩৮২ গৰাকী আৰু তাৰে ৩ গৰাকীৰ মৃত্যু ঘটিছিল । এই বছৰ কালিৰ দিনটোলৈকে অসমত মেলেৰিয়া ৰোগী চিনাক্ত হৈছে ১৮৫ গৰাকী আৰু ইয়াৰে দুগৰাকীৰ মৃত্যু হৈছে ক্ৰমে ডিমা হাচাও আৰু ধুবুৰী জিলাত ।

Assam
সাৱধান !

একেদৰে ২০১৯ চনৰ কালিৰ দিনটোলৈকে অৰ্থাৎ ১২ জুলাই পৰ্যন্ত ৰাজ্যত ৩৩৪ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী আৰু ৩২ গৰাকী ডেংগুত আক্ৰান্ত ৰোগী ধৰা পৰিছিল আৰু ইয়াৰে ৭১ গৰাকী ৰোগী জাপানীজ এনকেফেলাইটিছত মৃত্যুমুখত পৰিছিল । এইবছৰ ১২ জুলাই পৰ্যন্ত ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হৈছে ৬৬ গৰাকী আৰু ইয়াৰে ৯ গৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে ।

আনহাতে,এই সময়চোৱাত ১৮ গৰাকী ডেংগুত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে যদিও মৃত্যুৰ সংখ্যা শূণ্য । জাপানীজ এনকেফেলাইটিছত এতিয়ালৈকে যোৰহাট জিলাত সৰ্বাধিক ১০ গৰাকী লোক আক্ৰান্ত হৈছে বুলি ডাঃ চূৰীয়ে প্ৰকাশ কৰে । বৰপেটা জিলাত ৯ গৰাকী,শোণিতপুৰত ৫ গৰাকী আৰু শিৱসাগৰত ৫ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত কালিৰ দিনটোলৈকে আক্ৰান্ত হৈছে ।

ইপিনে, মেলেৰিয়াৰ সৰ্বাধিক প্ৰভাৱ পৰা জিলাকেইখন হ'ল ক্ৰমে ওদালগুৰি,কোকৰাঝাৰ,চিৰাং আৰু ডিমা হাচাও । সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি এই তিনিবিধ ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগৰ লোক নামি পৰিছে বুলিও তেওঁ প্ৰকাশ কৰে ।

Last Updated : Jul 13, 2020, 5:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.