ETV Bharat / state

Dengue in Assam : ডেংগুৰ প্ৰকোপত আতংকিত ৰাজ্যবাসী - Dengue in Assam

ৰাজ্যত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ডেংগু ৰোগ (Dengue becoming severe in Assam) । ৰাজ্যৰ কেবাখনো জিলাত ডেংগুত আক্ৰান্ত হৈছে বহু লোক ৷ চিন্তিত ৰাজ্যবাসী ৷

Dengue becoming severe in Assam
ৰাজ্যত এতিয়া ডেংগুৰ আতংক
author img

By

Published : Nov 7, 2022, 2:20 PM IST

Updated : Nov 7, 2022, 7:18 PM IST

গুৱাহাটী, 7 নৱেম্বৰ : ৰাজ্যত এতিয়া ডেংগুৰ আতংক (Dengue becoming severe in Assam) । ৰাজ্যৰ কেবাখনো জিলাত ডেংগুৱে ব্যাপক ৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ডিফু চহৰত ডেংগু মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে (Dengue at Diphu) ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য মতে, দেওবাৰৰ দিনটোলৈ ৰাজ্যত ডেংগুত 4 জন লোকে প্ৰাণ হেৰুৱাইছে । ইপিনে ৰাজ্যৰ কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নগাঁও, চৰাইদেউ, হোজাই, নলবাৰী আদি কেবাখনো জিলাত ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে । গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ইতিমধ্যে কেবাজনো ডেংগু ৰোগীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে ।

সোমবাৰলৈ ৰাজ্যত কিমান ডেংগু ৰোগী চিহ্নিত হৈছে, সেয়া এতিয়ালৈকে চৰকাৰীভাৱে সদৰী কৰা নাই । গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক কাৰ্যালয়ৰ জন সম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে, সোমবাৰলৈ ৰাজ্যত কিমান ডেংগু ৰোগী চিহ্নিত হৈছে , সেয়া সোমবাৰে সন্ধিয়ালৈ চৰকাৰীভাৱে সদৰী কৰা হ’ব ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই দেওবাৰে ডিফুত সাংবাদিকৰ আগত সদৰী কৰা মতে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে ডিফু চহৰত বিগত এমাহত স্বাস্থ্য পৰীক্ষা কৰা 1218 গৰাকীৰ ভিতৰত 405 গৰাকী লোক ডেংগিত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক : Dengue at Diphu: ডেংগুৰ সংক্ৰমণৰ বাবে ৫ দিনলৈ বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা

ইপিনে দেওবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা পাঁচদিনত ৰাজ্যৰ কাৰ্বি আংলঙত 127 গৰাকী, কামৰূপ মহানগৰ জিলাত 8 গৰাকী, নলবাৰী জিলাত 2 গৰাকী, কামৰূপ গ্ৰাম্য, নগাঁও, চৰাইদেউ, হোজাই জিলাত এগৰাকীকৈ লোক ডেংগুত আক্ৰান্ত হৈছে ।

মনকৰিবলগীয়া যে, মহামাৰী ডেংগিৰ বাবে সোমবাৰৰ পৰা আগন্তুক 12 নৱেম্বৰ পৰ্যন্ত ডিফু পৌৰসভা এলেকাধীন সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই (School closed for outbreak of dengue at Diphu) ।

ইফালে পাৰ্বত্য চহৰখনত ডেংগি প্ৰতিৰোধৰ মিছন লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই স্বাস্থ্য বিভাগৰ বিশেষজ্ঞৰ এক বৃহৎ দল লৈ শনিবাৰৰ বিয়লিৰ পৰা ডিফুত বাহৰ পাতি পৰিস্থিতি পর্যালোচনা কৰিছে ।

ডিফু চহৰৰ 14 টা ৱাৰ্ডৰ বাবে এগৰাকীকৈ দণ্ডাধীশ আৰু চিকিৎসকৰ নেতৃত্বত 10 ৰ পৰা 30 গৰাকী নাৰ্ছ, আশা কৰ্মীসহ 9 টা দল গঠন কৰা হৈছে । তেওঁলোকে ঘৰে ঘৰে গৈ জ্বৰ হৈ থকা লোক ক’ৰবাত আছে নেকি সেই সম্পৰ্কে জৰীপ আৰম্ভ কৰিছে ৷ লগতে থিতাতে স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা কৰা হৈছে ।

কিন্তু চিন্তনীয় বিষয় যে, অতি জনবহুল আৰু ডেংগুৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ কামৰূপ মহানগৰ জিলাত স্থানীয় প্ৰশাসনে ডেংগুৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক : Dengue at Diphu : ডিফুত ভয়াৱহভাৱে বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা

Last Updated : Nov 7, 2022, 7:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.