ETV Bharat / state

শীঘ্ৰে আৰম্ভ হ’ব অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কাম

author img

By

Published : May 16, 2021, 5:53 PM IST

Updated : May 16, 2021, 10:47 PM IST

দিছপুৰত শাসনত বহিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰখনে অতি গুৰুত্ব সহকাৰে লৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম তৰান্বিত কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সমষ্টি পুণৰ নিৰ্দ্ধাৰণ আয়োগক জনাইছে অনুৰোধ ৷

delimtation-of-constituencies
শীঘ্ৰে আৰম্ভ হ’ব অসমৰ সমষ্টি পুণৰ নিৰ্ধাৰণ কাম

গুৱাহাটী, ১৬ মে': ৰাজ্যজুৰি চৰ্চা চলিছিল যে ২০২১ ৰ বিধানসভা নিৰ্বাচন অসমত হয়তো নতুনকৈ নিৰ্ধাৰণ কৰা সমষ্টিৰ আধাৰতে অনুষ্ঠিত হব । শাসক দল বিজেপিৰ ফালৰ পৰাও বিভিন্ন ধৰণে চাপ সৃষ্টি কৰা হৈছিল যাতে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হয় ।

অৱশেষত পুৰণি সমষ্টিৰ গাঠনিৰ আধাৰতে সম্পন্ন হ'ল বিধানসভা নিৰ্বাচন । কিন্তু দিছপুৰত শাসনত বহিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰখনে অতি গুৰুত্বসহকাৰে লৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক সুত্ৰই ই টিভি ভাৰতক জনোৱা মতে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এতিয়া ২০২৪ ৰ লোকসভা নিৰ্বাচন অসমত নতুন সমষ্টি পুণৰগাঠনি অনুসৰি অনুষ্ঠিত হোৱাৰ পোষকতা কৰিছে । সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলে একপ্ৰকাৰ মুৰৰ কামোৰণি তুলিছে বিজেপিৰ ।

কিয়নো মহাজোটৰ ৫০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৩ জনেই আছিল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ । একেদৰে কংগ্ৰেছৰ যি ২৯ গৰাকী বিধায়ক জয়ী হৈ আহিছে সেইসকলৰ ভিতৰত ১৮ গৰাকীয়েই হৈছে পূৰ্ববংগীয় মূলৰ ।

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ৩৪ টাই সম্প্ৰতি মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টি । প্ৰতিদিনেই জন গাঠনি সলনি হ’বলৈ আৰম্ভ কৰিছে বিধানসভা সমষ্টিসমূহৰ । অৱস্থা যদি একেদৰেই থাকে তেন্তে অতি সোনকালেই অসমৰ গৰিষ্ঠ সংখ্যক সমষ্টিতে খিলঞ্জীয়া লোকৰ বাবে বিপদ নামি অহাটো ধূৰূপ ।

সেয়েহে শাসনত বহিয়েই সমষ্টি পুণৰ নিৰ্ধাৰণৰ কাম ত্বৰান্বিত কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সমষ্টি পুণৰ নিৰ্ধাৰণ আয়োগক অনুৰোধ জনাইছে । স্মৰ্তব্য যে, বিগত বৰ্ষৰ ৬ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইক অধ্যক্ষ হিচাপে লৈ সমষ্টি পুণৰ নিৰ্ধাৰণ আয়োগ গঠন কৰি দিছিল ।

পৰৱৰ্তী সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসমৰ সাংসদ ক্ৰমে ডাঃ ৰাজদ্বীপ ৰায়, দিলীপ শইকীয়া, নৱ শৰণীয়া, আব্দুল খালেক আৰু পল্লৱলোচন দাসক এই আয়োগৰ সদস্য হিচাপে মনোনীত কৰিছিল ।

লগতে পঢ়ক : মহামাৰীয়ে বিপদ মাতিছে মাজুলীৰ মুখা শিল্পলৈ

Last Updated : May 16, 2021, 10:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.