ETV Bharat / state

কাগজ কল নিলামত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ - পাঁচগ্ৰাম কাগজ কল নিলাম

ৰাজ্যবাসীৰ বাবে সাময়িকভাৱে হ’লেও আহিছে আশাৰ বতৰা ৷ ৰাজ্যৰ দুয়োটা কাগজ কল নিলামত স্থগিতাদেশ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷

as_ghy_01_paper_mill_auction_7206058
কাগজ কল নিলামত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ
author img

By

Published : Aug 30, 2021, 1:21 PM IST

গুৱাহাটী, 30 আগষ্ট : হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ অধীনষ্ঠ জাগীৰোড কাগজ কল আৰু কাছাৰৰ পাঁচগ্ৰাম কাগজ কল নিলামৰ ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰিলে স্থগিতাদেশ ৷ এই সন্দৰ্ভত ২৮ ছেপ্তেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ এই নিৰ্দেশে স্বাভাৱিকতে কাগজ কল দুটাত কৰ্মৰত শ শ কৰ্মচাৰীৰ বাবে কিঞ্চিত হ'লেও আশাৰ বতৰা কঢ়িয়াই আনিছে ।

as_ghy_01_paper_mill_auction_7206058
কাছাৰৰ পাঁচগ্ৰাম কাগজ কল

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অলপতে দিল্লীত এখন সংবাদমেলত প্ৰকাশ কৰিছিল যে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিবলৈ হ'লে প্ৰায় ১২০০ কোটি টকাৰ প্ৰয়োজন । এনে পৰিস্থিতিত কল দুটা নিলামত দিয়াৰ বাহিৰে গত্যন্তৰ নাই । সেই অনুসৰি কাগজ কল দুটা নিলামৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল যদিও কোনো বিনিয়োগকাৰী আগবাঢ়ি নাহিল ।

পৰৱৰ্তী পৰ্যায়ত পুনৰ নিলামৰ জাননী জাৰি কৰা হৈছিল । ইয়াৰ মাজতে কল দুটাৰ শ্ৰমিক ইউনিয়নে নিলামৰ প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ (National Company Law Tribunal) কাষ চাপিছিল ।

লগতে পঢ়ক : আৰম্ভ হ'ল কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

সেই অনুসৰি উক্ত গোচৰৰ ভিত্তিত ২৬ আগষ্টত দিল্লী উচ্চ ন্যায়ালয়ে শুনানী গ্ৰহণ কৰি অন্তৱৰ্তীকালীন ৰায় প্ৰদান কৰে । এই ৰায়যোগে দিল্লী উচ্চ ন্যায়ালয়ে উক্ত কল দুটা নিলামৰ সন্দৰ্ভত গ্ৰহণ কৰা স্থিতিৰ বিষয়ে ২৮ ছেপ্তেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে ।

as_ghy_01_paper_mill_auction_7206058
1 জুনত প্ৰকাশিত নিলামৰ বিজ্ঞাপন

বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰ গঠন কৰাৰ পাছত কাগজ কল দুটা বিক্ৰী কৰাতহে লিকুইডেটৰক সেউজ সংকেত প্ৰদান কৰে ৷ বহু বিতৰ্কৰ অন্তত বিগত 1 জুনত চৰকাৰী প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন কৰি জাৰীৰোড আৰু কাছাৰ কাগছ কল বিক্ৰীৰ বাবে কেইবাখনো ৰাষ্ট্ৰীয় কাকতত বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল ৷

হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ দ্বাৰা প্ৰকাশিত এই বিজ্ঞাপনত ‘ৰিজাৰ্ভ প্ৰাইজ’ নিৰ্ধাৰণ কৰা হৈছিল 1139 কোটি টকা ।‌‌ নিলামৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাগজ কল দুটা ক্ৰয় কৰাৰ বাবে ইচ্ছুক সকলৰ বাবে 55 কোটি টকা আৰ্নেষ্ট মানি ধাৰ্য কৰা হৈছিল ৷ কিন্তু 1 জুনত প্ৰকাশিত বিজ্ঞাপনৰ পিছত নিলাম প্ৰক্ৰিয়াত কোনেও অংশ নোলোৱাত বাতিল কৰা হয় কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া ৷

লগতে পঢ়ক : বাতিল হ'ল দুটাকৈ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

ইয়াৰ পিছতে 23 জুনত বিক্ৰী মূল্য হ্ৰাস কৰি পুনৰ বিজ্ঞাপন প্ৰকাশ কৰে ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণে নিয়োগ কৰা লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই ৷ দ্বিতীয়বাৰৰ বাবে প্ৰকাশ কৰা নিলামৰ বিজ্ঞাপনত নতুন মূল্য হ্ৰ‍াস কৰি ৯৬৯ কোটি টকা কৰা হৈছিল ৷

as_ghy_01_paper_mill_auction_7206058
জাগীৰোড কাগজ কল

ইচ্ছুক প্ৰতিষ্ঠানে ৪৮ কোটি টকা আৰনেষ্ট মানী (earnest money) জমা দি কাগজ কল (Paper mill) দুটা ক্ৰয়ৰ বাবে ‘বুক’ কৰিব পাৰিব বুলি বিজ্ঞাপনত (Advertisement) কোৱা হৈছে । এইবোৰ বাদ-বিবাদৰ মাজতে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে ইয়াৰ কৰ্মচাৰী তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছিল ৷

দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ এই ৰায়দানে সাময়িকভাৱে হ’লেও কিছু সকাহ প্ৰদান কৰিছে ৰাজ্যবাসীক ৷

লগতে পঢ়ক : কাগজ কল নিলামৰ বাবে পুনৰ বিজ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.