গুৱাহাটী, 6 অক্টোবৰ: অলেখ সপোন লৈ উত্তৰাখণ্ডলৈ গৈছিল গুৱাহাটীৰ দীপশিখা হাজৰিকা । সাহসী দীপশিখাই পৰ্বতাৰোহণকেই জীৱনৰ পণ হিচাপে লৈছিল । পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিং চমুকৈ এন আই এমত (Nehru Institute of Mountaineering) নামভৰ্তি কৰিছিল দ্বীপশিখাই ।
এই প্ৰতিষ্ঠানটোৰ এডভাঞ্চ ক'ৰ্ছৰ মুঠ ৩৪ গৰাকী প্ৰশিক্ষাৰ্থী আৰু ৭ গৰাকী প্ৰশিক্ষক উঠি গৈছিল হিমালয়লৈ । তাৰ পাছতে আহিছিল এক দুঃখবৰ । হিমস্খলনৰ ফলত সন্ধানহীন হৈছিল প্ৰশিক্ষণৰত পৰ্বতাৰোহী দলটোৰ (Uttarakhand Glaciar Blast 2022) । মৃত্যুৰ শোকাৱহ খবৰৰ মাজতে প্ৰায়বোৰৰ সন্ধান ওলাল যদিও সন্ধান ওলোৱা নাই অসমৰ দীপশিখা হাজৰিকাৰ ।
২৮ বছৰীয়া দীপশিখাই চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানত (Chandmari Institute of Engineering) চিভিলত ডিপ্লমা লৈ বেংগালুৰুত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল ।
পৰ্বতাৰোহণ, ৰাফটিং আদি দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত দীপশিখা হাজৰিকা অসম পৰ্বতাৰোহণ সন্থাৰো (Assam Mountaineering Association) প্ৰাক্তন সদস্য। ১৪ ছেপ্টেম্বৰত দীপশিখাই ঘৰৰ পৰা এডভাঞ্চ প্ৰশিক্ষণৰ বাবে উত্তৰকাশীলৈ ৰাওনা হৈছিল । দীপশিখাৰ পিতৃ গোলাপ হাজৰিকা গুৱাহাটী চিকিৎসা মহাবিদ্যলয়ত কৰ্মৰত ।
যোৱা ২৩ ছেপ্টেম্বৰত এই প্ৰশিক্ষণৰত দলটো হিমস্খলন হোৱা পৰ্বতলৈ ৰাওনা হৈছিল । ২৫ ছেপ্টেম্বৰত তেওঁলোক বেচ কেম্পত আশ্ৰয় লৈ ৪ অক্টোবৰত দোৰকানি গ্লেছিয়াৰৰ দ্ৰৌপদী কী দাণ্ডা শৃংগলৈ (Dorkani Glaciers Draupadi Ki Danda Peak) গৈছিল । সুকলমে দলটোৱে শৃংগত আৰোহণ কৰি ওভতাৰ পথত পুৱা প্ৰায় ৮:৪৫ বজাত ভয়াৱহ হিমস্খলনৰ সন্মুখীন হয় । তাৰ পাছত সন্ধানহীন হৈ পৰা দীপশিখাৰ শুংসূত্ৰ এতিয়ালৈকে ওলোৱা নাই (Deepshikha Hazarika is yet to be traced)।
উল্লেখ্য় যে, ১১ অক্টোবৰলৈকে আছিল এই এডভাঞ্চ প্ৰশিক্ষণৰ কাৰ্যসূচী । বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানতো যথেষ্ট অসুবিধা হৈছে উদ্ধাৰকাৰী দলটোৱে । ইপিনে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্যোগ লৈ দীপশিখাৰ পিতৃ আৰু এজন ককায়েকক উত্তৰাখণ্ডলৈ যোৱাৰ ব্যৱস্থা কৰি দিছে । দীপশিখাৰ পিতৃ আৰু ককায়েক বিমানেৰে নতুন দিল্লীলৈ গৈ অসম ভৱনত নিশাটো কটাই বৃহস্পতিবাৰে এখন বাহনেৰে উত্তৰাখণ্ডৰ উত্তৰকাশীলৈ (Uttarakhands Uttarkashi) ৰাওনা হৈছে ।
ৰাজ্য চৰকাৰে এগৰাকী আই এ এছ বিষয়া দীপশিখাৰ উদ্ধাৰ অভিযানৰ তদাৰকৰ বাবে উত্তৰাখণ্ডৰ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ দায়িত্ব অৰ্পণ কৰিছে । সন্ধানহীন হৈ থকা দীপশিখাক উদ্ধাৰৰ বাবে প্ৰাৰ্থনা জনাইছে অসম পৰ্বতাৰোহণ সন্থাই । তেওঁৰ সন্ধানহীনৰ খবৰে উদ্বিগ্ন কৰিছে পৰ্বতাৰোহণ সন্থাকো ।
লগতে পঢ়ক:টাৱাঙত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ চিতা