ETV Bharat / state

কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ? - জনতা ভৱন

বুধবাৰে অনুষ্ঠিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) নেতৃত্বাধীন মন্ত্ৰীসভাৰ সপ্তমখন কেবিনেট(seventh cabinet) বৈঠক ৷ উক্ত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আজিৰ কেবিনেটত বিধায়ক পদ্ম হাজৰিকা(Padma hazarika)ক কেবিনেটৰ পদ মৰ্যদা প্ৰদান কৰা হয় ৷

কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে...

author img

By

Published : Jun 30, 2021, 4:32 PM IST

গুৱাহাটী, 30 জুন : বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ সপ্তমখন কেবিনেট(seventh cabinet) বৈঠকখন বুধবাৰে অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) ৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উক্ত কেবিনেটৰ পিছতে এখন সংবাদমেল অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰী গৰাকীৰ হৈ এখন সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই ৷

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আৰ্মছ বেটালিয়ানৰ কনিষ্টবলৰ পৰা উপ-পৰিদৰ্শক পৰ্যায়লৈ সকলোকে এমাহৰ বাবে ঘৰলৈ যোৱাৰ বাধ্যতামূলক চুটি দিয়া হ'ব । পৰিয়ালৰ লগত কোৱাৰ্টাৰ তথা কৰ্মস্থলীত থকাসকলক ১০ দিনৰ বাবে চুটি দিয়া হ’ব । সেইদৰে সুলভ মূল্যৰ বিপণী আৰু সমবায় সমিতিৰ বাবে কেবিনেটত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সেই অনুসৰি, সুলভ মূল্যৰ ব্যৱসায়ীসকলে এতিয়াৰে পৰা প্ৰতি কুইণ্টল চাউলৰ বাবদ কমিছন হিচাপে পূৰ্বৰ ১০০ টকা ১০ পইচাৰ বিপৰীতে লাভ কৰিব ১৪৩ টকা ৷ ৰাজ্যৰ ৮৬০ খন সমবায় সমিতিয়ে এতিয়াৰে পৰা বছৰি ৫ লাখ টকাকৈ আৰ্থিক অনুদান লাভ কৰিব । পূৰ্বে এনে অনুদান দিয়া হোৱা নাছিল ।

আগন্তুক বাজেটৰ পৰা সমবায় সমিতিসমূহে এই অনুদান লাভ কৰিব । তদুপৰি পৰিবহণৰ ক্ষেত্রত থকা ঠিকা এতিয়াৰে পৰা অগ্ৰাধিকাৰৰ ভিত্তিত সমবায় সমিতিসমূহে লাভ কৰিব । এইক্ষেত্রত জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হ'ব ।

কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে...

আনহাতে, পূৰ্বে কেবিনেটে বিধায়ক পদ্ম হাজৰিকা(Padma hazarika) ক অধ্যক্ষ হিচাপে লৈ ছিপাঝাৰৰ গৰুখুটিৰ ৭৭ হাজাৰ বিঘা ভূমি কৃষি খণ্ডলৈ উন্নীত কৰাৰ বাবে এখন কমিটি গঠন কৰি দিছিল । এই কাম সুকলমে কৰিবৰ বাবে আজিৰ কেবিনেটে বিধায়ক পদ্ম হাজৰিকাক কেবিনেটৰ পদ মৰ্যাদা প্ৰদান কৰে । এতিয়াৰে পৰা পদ্ম হাজৰিকাই কেবিনেটৰ সকলো সা-সুবিধা লাভ কৰিব ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা সূচল কৰাৰ বাবে য'ত প্ৰয়োজন তাতে ম'বাইল টাৱাৰ স্থাপনৰ বাবে তথ্য প্ৰযুক্তি বিভাগক দায়িত্ব দিয়া হয় । ক'ভিডৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ আছে আৰু বহু ঠাইত ইণ্টাৰনেট সেৱা নথকাৰ বাবে শিক্ষাৰ্থীসকলে অনলাইন ক্লাছ কৰিব পৰা নাই । তাৰ প্ৰতি লক্ষ্য ৰাখি ঠায়ে ঠায়ে ম'বাইল টাৱাৰ শীঘ্ৰে স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে ।

ইফালে কেবিনেটসমূহত লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী হৈছে নে নাই সেয়া পৰ্যবেক্ষণ কৰাৰ বাবে আজিৰ কেবিনেটে তিনিজনীয়া মন্ত্রীৰ এখন কমিটি কৰি দিছে । মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডাঃ ৰণোজ পেগুক এই দায়িত্ব দিয়া হৈছে । তেওঁলোকে কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰতিটো বিভাগে কিদৰে কাৰ্যকৰী কৰিছে তাৰ পৰ্যবেক্ষণ কৰি কেবিনেটক অৱগত কৰিব ।

লগতে চাওকঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰ নিৰ্ধাৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.