ETV Bharat / state

অসমৰ প্ৰতিজন নাগৰিকৰ মুৰত ২৪ হাজাৰ টকাৰ ধাৰৰ বোজা - সোণোৱাল চৰকাৰে

বিগত চাৰে চাৰি বছৰীয়া শাসনকালত ৰাজ্য চৰকাৰখনে মূলতঃ হিতাধিকাৰী সৃষ্টিৰ বাবে যিমানবিলাক অভিলাষী আঁচনি ঘোষণা বা ৰূপায়ণ কৰিছে তাৰে বেছিভাগেই চলিছে ধাৰৰ টকাৰে । বিগত ২০২০ বৰ্ষৰ ৭ ছেপ্টেম্বৰ পৰ্যন্ত বিভিন্ন বিদেশী বেংকৰ পৰা ৰাজ্য চৰকাৰে লোৱা ধাৰৰ পৰিমাণ হ'ল প্ৰায় ৪,৩১৪.০৬ কেটি টকা । বিভিন্ন সংস্থাৰ উপৰিও ফ্ৰাঞ্চ আৰু জাপান চৰকাৰৰ পৰাও বৃহৎ পৰিমাণৰ ধাৰ লৈছে বৰ্তমানৰ অসম চৰকাৰে । চাৰে চাৰি বছৰত কেৱল সুতৰ নামতেই সোণোৱাল চৰকাৰে পৰিশোধ কৰিছে ১৪,৮৫৫ কোটি টকা ।

প্ৰতিজন অসমবাসীৰ মুৰত ২৪ হাজাৰ টকাৰ ধাৰৰ বোজা

author img

By

Published : Jan 9, 2021, 2:24 PM IST

Updated : Jan 9, 2021, 4:41 PM IST

গুৱাহাটী, ৯ জানুৱাৰী : আপুনি জানেনে-আপোনাৰ মূৰৰ ওপৰত আছে ২৪ হাজাৰ টকাৰ ধাৰ ? কেৱল আপুনিয়েই নহয়,অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত আছে ২৪ হাজাৰ টকাকৈ ধাৰৰ বোজা । আপোনাৰ অজ্ঞাতেই আপুনি ২৪ হাজাৰকৈ টকাৰ ধৰুৱা হৈ আছে । কিয়নো বিগত চাৰে চাৰি বছৰীয়া শাসনকালত ৰাজ্য চৰকাৰখনে মূলতঃ হিতাধিকাৰী সৃষ্টিৰ বাবে যিমানবিলাক অভিলাসী আঁচনি ঘোষণা বা ৰূপায়ণ কৰিছে তাৰে বেছিভাগেই চলিছে ধাৰৰ টকাৰে ।

ৰাজ্য চৰকাৰখন সৰ্বমুঠ ৭৯,১২২.৬৪ কোটি টকাৰ ধাৰৰ বোজাত পোত খাই আছে

ইটিভি ভাৰতে চলোৱা এক অনুসন্ধানত ৰাজ্যৰ বিত্ত বিভাগৰ পৰা লাভ কৰা হৈছে এই গুৰুত্বপূৰ্ণ তথ্য । আজিৰ তাৰিখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখন সৰ্বমুঠ ৭৯,১২২.৬৪ কোটি টকাৰ ধাৰৰ বোজাত পোত খাই আছে । সেই হিচাপত অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত আজিৰ তাৰিখত ধাৰৰ বোজা হ'ল ২৪ হাজাৰকৈ টকা ।

এছিয়ান ডেভেলপমেন্ট বেংকে অসম চৰকাৰক ধাৰ দি থৈছে ১,৪৭৮.৫৯ কোটি টকা

কেৱল কেন্দ্ৰীয় চৰকাৰেই নহয়,বিভিন্ন বিদেশী সংস্থা,বেংক আদিৰ পৰাও যোৱা চাৰে চাৰি বছৰত ধাৰ লৈ আহিছে ৰাজ্য় চৰকাৰে । বিত্ত বিভাগৰ শীৰ্ষস্তৰীয় এক সূত্ৰই দিয়া তথ্য অনুসৰি এই সংস্থাসমূহৰ ভিতৰত আছে এছিয়ান ডেভেলপমেন্ট বেংক,ইন্টাৰনেচনেল বেংক ফৰ ৰিক'নষ্ট্ৰাকছন এণ্ড ডেভলপমেন্ট (আই বি আৰ ডি), ইন্টাৰনেচনেল ডেভল'পমেন্ট অৰ্গেনাইজেশ্বন (আই ডি এ), নিউ ডেভেল'পমেণ্ট বেংক (এন ডি বি) আদি । বিগত ২০২০ বৰ্ষৰ ৭ ছেপ্টেম্বৰ পৰ্যন্ত এই বিদেশী বেংক সমূহৰ পৰা ৰাজ্য চৰকাৰে লোৱা ধাৰৰ পৰিমাণ হ'ল প্ৰায় ৪,৩১৪.০৬ কেটি টকা । কেৱল এছিয়ান ডেভেলপমেন্ট বেংকেই অসম চৰকাৰক ১১ খন আঁচনিৰ বিপৰীতে ধাৰ দি থৈছে ১,৪৭৮.৫৯ কোটি টকা ।

ইয়াৰ উপৰিও ফ্ৰাঞ্চ আৰু জাপান চৰকাৰৰ পৰাও বৄহৎ পৰিমাণৰ ধাৰ লৈছে বৰ্তমানৰ অসম চৰকাৰে । আনহাতে, পূৰ্বৰ তৰুণ গগৈ চৰকাৰে পোন্ধৰ বছৰীয়া শাসনকালত লোৱা ধাৰৰ পৰিমাণ আছিল ৩৫,৬৯০.২২ কোটি টকা । বিত্ত বিভাগৰ সুত্ৰটোৱে প্ৰকাশ কৰা মতে সোণোৱাল চৰকাৰে বিগত চাৰে চাৰি বছৰত লোৱা ধাৰ হৈছে ৪৩,৪৩২.৪২ কোটি টকা । এই বৃহৎ পৰিমাণৰ ধাৰৰ বিপৰীতে অসম চৰকাৰে আদায় দিবলগীয়া সুতৰ পৰিমাণ শুনিলেও চকু কপালত উঠিব আপোনাৰ ।

কেৱল চলিত বিত্তীয় বছৰটোতে ৰাজ্য চৰকাৰে সুত আদায় দিব লাগিব ৫,৮০১ কোটি টকা । বিগত চাৰে চাৰি বছৰত কেৱল সুতৰ নামতেই সোণোৱাল চৰকাৰে পৰিশোধ কৰিছে ১৪,৮৫৫ কোটি টকা । অৰ্থাৎ চলিত বিত্তীয় বৰ্ষৰ সুতৰ পৰিমাণ যোগ কৰিলে মুঠ সুতৰ পৰিমাণ হ'বগৈ ২০,৬৫৬ কোটি টকা । বিত্ত বিভাগৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে গগৈ চৰকাৰে শেষৰ চাৰিটা বছৰত অৰ্থাৎ ২০১২ ৰ পৰা ২০১৬ লৈকে সুত পৰিশোধ কৰিছিল সৰ্বমুঠ ৯,২৭৩ কোটি টকা ।

লগতে পঢ়ক :ৰাইজৰ দলৰ সভাপতি পদত অখিল গগৈ

Last Updated : Jan 9, 2021, 4:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.