ETV Bharat / state

বিজেপিয়ে হিন্দুত্ববাদক প্ৰাধান্য দিবলৈ গৈ হিন্দু ধৰ্মৰ অনিষ্ট কৰিছে : দেৱব্ৰত শইকীয়া - গো সুৰক্ষা আইন

ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমত কাশ্মীৰৰ নিচিনা পৰিস্থিতি হ'ব, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্য সকলে অসমক ৰক্ষা কৰিব লাগিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

debabrata saikia reacts on Hindutva
বিজেপিয়ে হিন্দুত্ববাদক প্ৰাধান্য দিবলৈ গৈ হিন্দু ধৰ্মৰ অনিষ্ট কৰিছে
author img

By

Published : Sep 22, 2021, 5:50 PM IST

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : শিলচৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমত কাশ্মীৰৰ নিচিনা পৰিস্থিতি হ'ব, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্য সকলে অসমক ৰক্ষা কৰিব লাগিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিৰোধী দলপতি গৰাকীয়ে কয় যে, ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দুত্ববাদক প্ৰাধান্য দিবলৈ গৈ হিন্দুধৰ্মৰ অনিষ্ট কৰি আহিছে ।

বিজেপিয়ে হিন্দুত্ববাদক প্ৰাধান্য দিবলৈ গৈ হিন্দু ধৰ্মৰ অনিষ্ট কৰিছে

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গো-সুৰক্ষা আইন, মাদ্ৰাছা বন্ধ আইন, জনসংখ্যা বিস্ফোৰণৰ বিৰুদ্ধে কঠোৰ আইন আনি অসমক RSS ৰ কথামতে হিন্দুত্ববাদৰ এক পৰীক্ষাগাৰলৈ ৰূপান্তৰ কৰিছে । দেৱব্ৰত শইকীয়াই লগতে কয়, " মই মুখ্যমন্ত্ৰীক অসমক হিন্দুত্ববাদৰ পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাইছো ।

লগতে পঢ়ক: ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

মনিশ জবলপুৰ নামৰ এজন ব্যক্তিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ RTI ৰ জৰিয়তে ভাৰতত হিন্দু ধৰ্মলৈ বিপদ আহিছে নেকি বুলি প্ৰশ্ন কৰিছিল আৰু গৃহ মন্ত্ৰণালয়ে উত্তৰ দিয়ে যে, এই ধাৰণাটো সম্পূৰ্ণ মনে সজা আৰু কাল্পনিক ।

ভাৰতত হিন্দু ধর্মৰ প্ৰতি কোনো ভাবুকি অহা নাই । এনেক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক অসমৰ মূল সমস্যাৰ পৰা আঁতৰাই ৰাখি এক কাল্পনিক ধাৰণাৰ সৃষ্টি কৰিছে সদৰী কৰে গৃহ মন্ত্ৰণালয়ে । গতিকে বিৰোধী দলপতি গৰাকীয়ে মুখ্যমন্ত্ৰীক এই বিষয় সমূহৰ পৰা আঁতৰি অসমৰ মূল সমস্যাসমূহ সমাধান কৰিবলৈহে অনুৰোধ জনায় ৷

লগতে পঢ়ক: চিৰাঙত কিশোৰী নিৰুদ্দেশ; নাৰী সৰবৰাহকাৰীৰ কৱলত পৰাৰ সন্দেহ স্থানীয় লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.