ETV Bharat / state

স্বাস্থ্য বিভাগলৈ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ মুকলি প্ৰশ্ন !

শেহেতীয়াকৈ গোৱালপাৰাৰ এগৰাকীৰ যুৱতীৰ দেহত 14 দিনৰ পিছত কভিড-19 ৰ অৱস্থিতি ধৰা পৰাৰ পিছত স্বাস্থ্য বিভাগক বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ৷ আনহাতে সম্পূৰ্ণ এবছৰৰ বাবে বেংকৰ ঋণ মাফ কৰিবলৈ আহ্বান শইকীয়াৰ ৷

author img

By

Published : Apr 29, 2020, 5:29 PM IST

Updated : Apr 29, 2020, 8:50 PM IST

স্বাস্থ্য বিভাগক উদ্দেশ্যি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মুকলি প্ৰশ্ন

গুৱাহাটী, 29 এপ্ৰিল : সমগ্ৰ বিশ্বতে কভিড-১৯ কৰ'ণা ভাইৰাছে আতংক চলাই থকাৰ সমান্তৰালভাবে অসমতো 38 গৰাকীকৈ লোক মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে । সাধাৰণতে যিকোনো লোকৰ শৰীৰত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ 14 দিনৰ ভিতৰতে লক্ষণ দেখা দিয়ে যদিও গোৱালপাৰা জিলাৰ লোকজনৰ শৰীৰত 14 দিন অতিক্ৰম কৰাৰ পিছতহে কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা দিয়াক কেন্দ্ৰ কৰি বুধবাৰে ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই স্বাস্থ্য বিভাগক কৰ'ণা ভাইৰাছৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰিছে ৷

আনকি দলপতি গৰাকীয়ে কয় যে, যদিহে অসমত কৰ'ণা ভাইৰাছৰ চৰিত্ৰৰ পৰিবৰ্তন ঘটিছে তেন্তে স্বাস্থ্য বিভাগে এই সম্পৰ্কে ৰাইজক অৱগত কৰিব লাগে ৷ একেদৰে শইকীয়াই দুসপ্তাহ পূৰ্বে কৰ'ণা ভাইৰাছ সন্দৰ্ভত সকলোবোৰ ৰাজনৈতিক দলৰ লগত অনুষ্ঠিত হোৱা চৰকাৰৰ বৈঠক সন্দৰ্ভতো বিশেষ গুৰুত্ব প্ৰদান কৰা হোৱা নাই বুলি অভিযোগ উখাপন কৰে ৷ সৰ্বদলীয় বৈঠকৰ পৰামৰ্শ সমূহ যিধৰণে আগুৱাই নিব লাগিছিল চৰকাৰে সেইধৰণে আগুৱাই নিয়া নাই বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ।

আনহাতে শইকীয়াই ৰাইজক সাহায্য প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰক সমালোচনা কৰি কয় যে, চৰকাৰে কেৱল চাউল দিলেই নহ'ব সমান্তৰালভাবে চৰকাৰে খাদ্য সামগ্ৰীৰ কিট প্ৰদান কৰিব লাগে আৰু দুখীয়া পৰিয়ালক প্ৰদান কৰা এহাজাৰ টকাৰ অনুদান বৃদ্ধি কৰিবলৈও চৰকাৰক দাবী জনায় দলপতি গৰাকীয়ে । আনকি বেংকৰ পৰা ঋণ লোৱা লোক সকলৰ ঋণৰ সুদ এবছৰৰ কাৰণে সম্পূৰ্ণ মাফ কৰিব লাগে বুলিও ৰাজ্য চৰকাৰক দাবী জনায় ।

একেদৰে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কৃষক সকলৰ ঋণ মাফ কৰি কৃষক সকলক উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰাৰ লগতে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ ছাত্ৰ-ছাত্ৰী তথা শ্ৰমিক সকলক ৰাজ্যলৈ উভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় বিৰোধীৰ দলপতি গৰাকীয়ে ।

লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ অনুৰোধ লৈ প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি পৰেশ বৰুৱাৰ

Last Updated : Apr 29, 2020, 8:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.