ETV Bharat / state

মাত্ৰ ১০ দিনৰ বাবেহে বাজেট অধিবেশন কিয় ? ...প্ৰশ্ন বিৰোধী দলপতিৰ

author img

By

Published : Feb 19, 2022, 8:36 PM IST

পূৰ্বৰ সকলো পৰম্পৰা ভংগ কৰিছে এইবাৰৰ শাসনাধীস্থ চৰকাৰখনে (Budget Session of Assam Legislative Assembly) ৷ এইবাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব মাত্ৰ ১০ দিনৰ বাবে ৷ যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

Debabrat saikia reaction on budget session 2022
বিৰোধী দলপতি : মাত্ৰ ১০ দিনৰ বাবেহে বাজেট অধিৱেশন কিয় ?

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : আগন্তুক ১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন (Budget Session of Assam Legislative Assembly)। কিন্তু পূৰ্বৰ সকলো পৰম্পৰা ভংগ কৰি এইবাৰৰ বাজেট অধিৱেশনৰ কৰ্মদিন হ’ব মাত্ৰ ১০ দিনৰ (Budget session 2022-23)। অৰ্থাৎ দেখাত দীঘলীয়া হ'লেও এইখন বাজেট অধিৱেশন কাৰ্যতঃ ১০ দিনৰ বাবেহে অনুষ্ঠিত হ’ব ।

সাধাৰণতে বিধানসভাৰ বাজেট অধিৱেশন দীঘলীয়া সময়ৰ বাবে অনুষ্ঠিত হয় । কিয়নো চৰকাৰখনে দাখিল কৰা বাজেটৰ ওপৰত সদনত বিভিন্ন আলোচনা হোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ বিধেয়কো উত্থাপন কৰা হয় । বিশেষকৈ বিধেয়কসমূহৰ ওপৰত হোৱা আলোচনা বা সিবিলাকৰ ওপৰত অনা সংশোধনী আদি সদনত গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈ আহিছে ।

তেনেক্ষেত্ৰত এইবাৰ মাত্ৰ দহ দিনৰ বাবেহে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰিব বিচৰা কাৰ্যই ক্ষুব্ধ কৰি তুলিছে বিৰোধীক (Debabrat Saikia reaction on up coming budget session 2022-23)।

শনিবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, চৰকাৰখনে ইতিমধ্যে যিহেতু বহুবিলাক জনবিৰোধী কামকাজ কৰিছে ৷ গতিকে সদনৰ মজিয়াত যাতে সিবিলাকৰ বাবে বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হ’বলগীয়া নহয় বা চৰকাৰ জবাবদিহি হ’বলগীয়া নহয়, তাৰ বাবেই অতি কৌশলগতভাৱে তেনেই চমু সময়ৰ বাবে বাজেট অধিৱেশন এইবাৰ অনুষ্ঠিত কৰিব খোজা হৈছে ।

তেওঁ লগতে আৰু কয় যে, সদনত উত্থাপন হ’বলগীয়া বিভিন্ন ধৰণৰ বিধেয়কৰ ওপৰতো যথেষ্ঠ আলোচনা কৰিবলগীয়া থাকে । কিন্তু তেনেধৰণৰ আলোচনাৰ যাতে কোনো অৱকাশ নাথাকে, তাৰ বাবেই চমুৱাই পেলোৱা হৈছে বাজেট অধিৱেশনৰ কৰ্মদিন ।

উল্লেখ্য যে, ১৪ মাৰ্চৰ পৰা ১ এপ্ৰিললৈকে বাজেট অধিৱেশনৰ সময় ধাৰ্য কৰা হৈছে যদিও কাৰ্যতঃ দহ দিনৰ বাবেহে সদন বহিব । সেই দিনকেইটা হ'ল- ১৪, ১৫, ১৬, ১৭, ২২, ২৮, ২৯, ৩০, ৩১ মাৰ্চ আৰু ১ এপ্ৰিল । ১৬ মাৰ্চত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে ।

লগতে পঢ়ক : অসমত একনায়কত্ববাদী শাসন চলি আছে : প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.