ETV Bharat / state

মূৰত হেলমেট, পিঠিত ঢকুৱা কোনে পিন্ধিব : দেৱব্ৰত শইকীয়া - গ্ৰাম্য কৰ

ৰাজ্য চৰকাৰখনৰ কেতবোৰ কামকাজ, সঘনাই চৰকাৰখনে পাতি থকা কেবিনেট বৈঠক, মুখ্যমন্ত্ৰী আৰু অন্যান্য বিভাগীয় মন্ত্ৰীৰ মাজত সমন্বয়হীনতা আদি কেতবোৰ প্ৰসংগ উত্থাপন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

debabrat saikia nreact on govt decision
মুৰত হেলমেট, পিঠিত ঢকুৱা কোনে পিন্ধিবঃ দেৱব্ৰত শইকীয়া
author img

By

Published : Aug 7, 2021, 5:57 PM IST

গুৱাহাটী, ৭ আগষ্ট : ৰাজ্য চৰকাৰখনৰ কেতবোৰ কামকাজ, সঘনাই চৰকাৰখনে পাতি থকা কেবিনেট বৈঠক, মুখ্যমন্ত্ৰী আৰু অন্যান্য বিভাগীয় মন্ত্ৰীৰ মাজত সমন্বয়হীনতা আদি প্ৰসংগত শনিবাৰে একপ্ৰকাৰ আক্ৰমনাত্মক হৈ উঠে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া । ইয়াৰ উপৰিও কংগ্ৰেছ দলক বাদ দি আন কোনো দলে এককভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ যে আজিৰ তাৰিখত সক্ষম নহয় সেই কথাও বিৰোধী দলপতি গৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

মুৰত হেলমেট, পিঠিত ঢকুৱা কোনে পিন্ধিবঃ দেৱব্ৰত শইকীয়া

দেৱব্ৰত শইকীয়াই শনিবাৰে কয় যে, আহি থকা দিনবোৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচন সমূহেই প্ৰমাণ কৰিব কোন ৰাজনৈতিক দলে বিজেপিক হৰাটো বিচাৰে আৰু কোনে নিবিচাৰে । আওপকীয়াকৈ তেওঁ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদকেই ইংগিত প্ৰদান কৰে । কিয়নো কংগ্ৰেছৰ সৈতে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ এই দুয়োটা দল সাজু নহয় বুলি ইতিমধ্যে ঘোষণা কৰি থৈছে ।

লগতে পঢ়ক:মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ

ইপিনে শেহতীয়াকৈ মন্ত্ৰী‌ ৰণজিৎ কুমাৰ দাসে (Rabjit Kumar Das) গ্ৰাম্য কৰ (Village Tax) আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে তেনে কোনো সিদ্ধান্ত চৰকাৰে বৰ্তমানলৈকে লোৱা নাই বুলি মন্তব্য কৰা ঘটনাই চৰকাৰখনৰ মাজত থকা সমন্বয়হীনতাকেই সুচাইছে বুলি বিৰোধী দলপতি গৰাকীয়ে মন্তব্য কৰে ।

তেওঁ কয় যে, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আইনীভাৱে শুদ্ধ কথাই কৈছিল যদিও কোৱাৰ সময়টো শুদ্ধ নহ'ল । যাৰ বাবে উত্তৰ প্ৰদেশ আদি ৰাজ্যত এতিয়া বহু ঠাইত বিজেপি কৰ্মীয়ে হেলমেট পিন্ধি ঘুৰাফুৰা কৰিবলগীয়া হোৱাৰ দৰে অসমতো যাতে বিজেপি কৰ্মীয়ে হেলমেট বা পিঠিত ঢকুৱা বান্ধি ঘূৰিবলগীয়া নহয় সেই কথা চিন্তা কৰিয়েই মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীৰ ঘোষণাৰ বিৰুদ্ধে মাত মাতিছে ।

আনহাতে, ঘনাই কেবিনেট বৈঠক পাতি চাহ মিঠাই খোৱাৰ বাহিৰে আন একো নহয় বুলিও চৰকাৰখনক দেৱব্ৰত শইকীয়াই কটাক্ষ কৰে ।

লগতে পঢ়ক: ভয়াৱহ ক’ভিড পৰিস্থিতিৰ মাজতো স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.