ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰােধিতা দেৱব্ৰত শইকীয়াৰ - Debabrat Saikia opposes Himanta Biswa Sarma's comment

"আমি কাকো বিয়া-সভালৈ নিমন্ত্ৰণ কৰা নাই" বুলি কৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰোধিতা কৰে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ৷

Debabrat Saikia opposes Himanta Biswa Sarma's comment
হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰােধিতা দেৱব্ৰত শইকীয়াৰ
author img

By

Published : May 24, 2020, 11:23 AM IST

গুৱাহাটী,24মেঃ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে বহিঃ ৰাজ্যৰ পৰা স্ব-গৃহলৈ উভতি আহিব বিচৰা লোকসকলক উদ্দেশ্যি কোৱা "আমি কাকো বিয়া-সভালৈ নিমন্ত্ৰণ কৰা নাই" মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই । দেৱব্ৰত শইকীয়াই জানিবলৈ দিয়ে যে, যিসকল লোকে নিজৰ ৰাজ্যত কৰ্মসংস্থাপন নাপাই বহিঃৰাজ্যলৈ যাবলগীয়া হৈছিল তেওঁলোকে চৰকাৰৰ বিপক্ষে সংস্থাপন দিব নোৱাৰাৰ বাবে ধৰ্ণা বা আন্দোলন কৰা নাই, মাত্ৰ বিপদৰ সময়ত নিজ ৰাজ্যলৈহে আহিব বিচাৰিছে, গতিকে চৰকাৰে তেওঁলোকক এই সময়ত সহায় কৰাৰ প্ৰয়োজন আহি পৰিছে ।

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰােধিতা দেৱব্ৰত শইকীয়াৰ

লগতে দেৱব্ৰত শইকীয়া কয় যে, স্বাস্থ্য মন্ত্ৰীৰ কথা-বাৰ্তাৰ পৰা স্বাস্থ্য বিভাগৰ প্ৰস্তুতিৰ ফোপোলা ছবিখনো ৰাইজৰ আগত উন্মুক্ত হোৱাৰ আশংকাত ভুগিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে । যথাযথ প্ৰস্তুতি নাই বাবেই মন্ত্ৰী মহোদয়ে এনেকুৱা মন্তব্য দিবলৈ বাধ্য হৈছে যেন ধাৰণা হৈছে বুলি প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই ।

এটা দশকতকৈও অধিক সময় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মন্ত্ৰী এজনে ৰাজ্যৰ এক বিপৰ্যয়ৰ সময়ত ৰাজ্যৰ প্ৰতিজন জনতাক মনোবল তথা যথাযথ সকাহ দিবলৈ সক্ষম নোহোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে দেৱব্ৰত শইকীয়াই । লগতে স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যদি চাফ-চিকুণৰ বাবে লাগতিয়াল সঁজুলি বিজেপি চৰকাৰে যোগান ধৰিব পাৰে, তেন্তে কংগ্ৰেছৰ দলীয় কৰ্মীসকলে এই কামত আগভাগ ল'বলৈ সাজু আছে বুলিও জানিবলৈ দিলে দেৱব্ৰত শইকীয়াই ।

লগতে পঢ়কঃ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শনৰ বাবে জোনাইত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.