গুৱাহাটী, ২৭ নৱেম্বৰঃ "মাৰ্ঘেৰিটাত যে কয়লা ছিণ্ডিকেট ৰমৰমীয়াকৈ চলি আছে সেই কথা আমি বাৰম্বাৰ কৈ থকা স্বত্বেও ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া নাছিল । কিন্তু এতিয়া স্বয়ং শাসক দলৰেই এগৰাকী বিধায়কে ভিডিঅ' সহ সেই কথা উদঙাই দিয়াত আমাৰ অভিযোগ যে সত্য আছিল সেয়া প্ৰমাণিত হ'ল ।" -এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । এই সমস্ত কথা উদঙাই দিয়াৰ বাবে ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনক ধন্যবাদো জনাই বিৰোধী দলপতি গৰাকীয়ে । তেওঁ আৰু কয় যে, কয়লা চিণ্ডিকেট চলি থকা কথা প্ৰমাণ কৰি দিলে বিজেপি বিধায়ক গৰাকীয়ে ।
মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটঃ বিজেপি বিধায়কক ধন্যবাদ দেৱব্ৰত শইকীয়াৰ
"ৰাজনৈতিক মেৰপেচত বন্দী প্ৰশাসন আৰু আৰক্ষী । উজনিৰ লগতে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে চলি আছে ছিণ্ডিকেট ।"
গুৱাহাটী, ২৭ নৱেম্বৰঃ "মাৰ্ঘেৰিটাত যে কয়লা ছিণ্ডিকেট ৰমৰমীয়াকৈ চলি আছে সেই কথা আমি বাৰম্বাৰ কৈ থকা স্বত্বেও ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া নাছিল । কিন্তু এতিয়া স্বয়ং শাসক দলৰেই এগৰাকী বিধায়কে ভিডিঅ' সহ সেই কথা উদঙাই দিয়াত আমাৰ অভিযোগ যে সত্য আছিল সেয়া প্ৰমাণিত হ'ল ।" -এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । এই সমস্ত কথা উদঙাই দিয়াৰ বাবে ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনক ধন্যবাদো জনাই বিৰোধী দলপতি গৰাকীয়ে । তেওঁ আৰু কয় যে, কয়লা চিণ্ডিকেট চলি থকা কথা প্ৰমাণ কৰি দিলে বিজেপি বিধায়ক গৰাকীয়ে ।
Conclusion:শইকীয়াই কয় - " ৰাজনৈতিক মেৰপেচত বন্দী প্ৰশাসন আৰু আৰক্ষী । উজনিৰ লগতে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে চলি আছে ছিণ্ডিকেট । আমি ছিণ্ডিকেটৰ CBI তদন্ত দাবী কৰিছো । চৰকাৰে ঘোষণা কৰা CID তদন্তৰ অগ্ৰগতি সম্পৰ্কেও জনা নাযায় । প্ৰতিশ্ৰুতি দিয়া দুৰ্নীতি মুক্ত অসমৰ বাবে CBI তদন্ত কৰক চৰকাৰে । "