গুৱাহাটী, 24 জুন : ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীত মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈছিল পানীখাইটিৰ এজন যুৱক (Missing youth at Panikhaiti) ৷ যোৱা দুদিনৰ পূৰ্বে ব্ৰহ্মপুত্ৰত নিজ ভাতৃৰ সৈতে মাছ মাৰিবলৈ গৈছিল চন্দ্ৰ নমঃশূদ্ৰ নামৰ যুৱকজন ৷ তেনে সময়তে অকস্মাত ভৰি পিছলি নদীত পৰি যায় চন্দ্ৰ ৷
ইয়াৰ পিছৰে পৰা কোনো শুংসূত্ৰ পোৱা নাছিল চন্দ্ৰৰ ৷ তেতিয়াৰ পৰাই ব্ৰহ্মপুত্ৰত নিখোজ হোৱা যুৱকজনৰ সন্ধানত অভিযান চলাই আহিছিল প্ৰশাসন কিম্বা উদ্ধাৰকাৰী বাহিনীয়ে ৷
শুকুৰবাৰে স্থানীয় লোকে মাছ মাৰি থাকোঁতে তিনিটুকুৰা নামৰ ঠাইত পানীত উপঙি থকা অৱস্থাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে (Dead body recovered) ৷ লগে লগে আৰক্ষীক এই বিষয়ে অৱগত কৰাত উদ্ধাৰকাৰী দলসহ আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চন্দ্ৰৰ বুলি চিনাক্ত কৰে ৷ উদ্ধাৰকাৰী দলে চন্দ্ৰৰ মৃতদেহটো ঘৰৰ লোকক মাতি চমজাই দিয়ে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: গুৱাহাটীৰ পৰা সন্ধানহীন কঠীয়াতলীৰ যুৱক