ETV Bharat / state

দুৰ্গোৎসৱত গুৱাহাটীত কোন কোন পথেৰে চলাব পাৰিব বাহন ? চাওক নিৰ্দেশনা সমূহ

author img

By

Published : Oct 11, 2021, 10:09 PM IST

দুৰ্গা পূজা উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত কিছু নিয়মৰ সালসলনি । যান-বাহন শাখাৰ DCP হিৰণ্য বৰ্মনে সংবাদমেল যোগে জনালে এই নিয়মাৱলী ।

dcp press meet
dcp press meet

গুৱাহাটী, ১১ অক্টোবৰ : দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত যান-বাহন চলাচলৰ নিয়মৰ কিছু সাল-সলনি কৰা হৈছে ৷ ১২ ৰ পৰা ১৭ অক্টোবৰলৈ পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটী মেট্ৰ’ পলিটান মহানগৰ অধীনস্থ ৩৭ নং আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি ছটা চকা যুক্ত বা তাতোধিক চকা যুক্ত যিকোনো ধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা গাড়ীৰ চলাচল বন্ধ থাকিব । কেৱল তিনি আৰু চাৰি চকাযুক্ত লঘু সামগ্ৰী কঢ়িওৱা গাড়ী সমূহ ১২-১৬ অক্টোবৰলৈ পুৱা ৪ বজাৰ পৰা পুৱা ৯ বজালৈ গুৱাহাটী মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব ।

আনহাতে প্ৰৱেশৰ ক্ষেত্ৰত থাকিব কেতবোৰ নিষেধাজ্ঞা :

  • ড° আৰ পি বৰুৱা ৰোডৰ ক্ষেত্ৰত গণেশ মন্দিৰ দিশৰ পৰা গণেশগুৰি উৰণীয়া সেঁতুৰ দিশলৈহে মাত্ৰ যান-বাহন চলাচল কৰিব পাৰিব ।
  • জু-ৰোডৰ দিশৰ পৰা গণেশ মন্দিৰ দিশেলৈ কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব ৷
  • হোলচেল মাৰ্কেট দিশৰ পৰা চাৰ্ভিচ ৰোড হৈ গণেশগুৰি দিশলৈ কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব ৷
  • শংকৰদেৱ ৰোডৰ ক্ষেত্ৰত হোলচেল মাৰ্কেট দিশৰ পৰা আৰ পি ৰোডলৈ যান-বাহন চলাচল কৰিব পাৰিব ৷
  • জয়ানগৰ চাৰিআলি দিশৰ পৰা বেলতলা তিনিআলি দিশলৈ কোনো ধৰণৰ যান-বাহন চলাচল কৰিব নোৱাৰিব (স্থানীয় বাসিন্দাৰ বাহিৰে) ৷
  • বেলতলা তিনিআলি দিশৰ পৰা জয়ানগৰ চাৰিআলি দিশলৈহে যান-বাহন সমূহ চলাচল কৰিব পাৰিব ৷
  • বেলতলা তিনিআলি দিশৰ পৰা ভেটাপাৰা চাৰিআলি অভিমুখে বিষ্ণু ৰাভা পথৰে যান বাহন চলাচল কৰিব পাৰিব কিন্তু বিপৰীত দিশৰ পৰা যানবাহন চলাচল কৰিব নোৱাৰিব
  • বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলিৰ দিশে ড° বি এন শইকীয়া পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ৷
  • ত্ৰিপুৰা গলিৰ এটা অংশত যান-বাহনৰ পাৰ্কিঙৰ বাবে অনুমতি প্ৰদান কৰা হ’ব ৷
  • ফটাশিল চাৰিআলি ৰেলৱে গেট ৬, ৭, ৮ আৰু সতী জয়মতী ৰোডৰ পৰা কুমাৰপাৰা পাচআলি দিশলৈ কোনো ধৰণৰ যান বাহন প্ৰৱেশ কৰিব নোৱাৰিব ৷
  • চাবিপুলৰ পৰা বিষ্ণুপুৰ আৰু ফটাশিল চাৰিআলিলৈ কোনো ধৰণৰ যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব ৷

চিটিবাছৰ চলাচল ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে :

  • বশিষ্ঠ মন্দিৰৰ পৰা গড়পাণ্ডু বাছ ষ্টেণ্ডলৈ যিবোৰ বাছ গণেশগুৰি জুৰোড, চান্দমাৰি, ৰৱীন্দ্ৰ ভৱন, কাছাৰী, মালিগাঁও হৈ অহা যোৱা কৰে সেই বাহন সমূহ এতিয়া বশিষ্ঠ চাৰিআলি, ত্ৰিপুৰা গলি, জয়ানগৰ, ছয়মাইল, এক্সপ্ৰেছ হাইৱে, নাৰেংগী, এম টি ৰোড (জু-নাৰেংগী) হৈ নিজৰ গন্তব্য স্থানলৈ যাব পাৰিব ৷
  • বশিষ্ঠ মন্দিৰৰ পৰা গড়পাণ্ডু বাছ ষ্টেণ্ডলৈ (যিবোৰ বাছ বশিষ্ঠ চাৰিআলি, বেলতলা তিনিআলি, চাৰ্ভে, চুপাৰমাৰ্কেট, গণেশগুৰি, উৰণীয়া সেঁতু ,পল্টনবজাৰ এটি ৰোড, ভৰলুমুখ, মালিগাঁও হৈ চলাচল কৰে) এতিয়া বশিষ্ঠ চাৰিআলি, ত্ৰিপুৰা গলি, জয়ানগৰ, ছয়মাইল, জি এছ ৰোড হৈ নিজৰ লক্ষ্যস্থানলৈ যাব পাৰিব ৷
  • গড়পাণ্ডু বাছ ষ্টেণ্ডৰ পৰা লাল গণেশলৈ যাবলগীয়া বাছসমূহ (যিবোৰ বাছ সাধাৰণতে মালিগাঁও, কাছাৰী, ৰবীন্দ্ৰ ভৱন, গুৱাহাটী ক্লাৱ, চানমাৰি উৰণীয়া সেঁতু, জু-ৰোড, গণেশগুৰি গণেশমন্দিৰ, কাহিলীপাৰা হৈ লালগণেশ যায়) এতিয়া মালিগাঁও, কাছাৰী, ৰবীন্দ্ৰ ভৱন, গুৱাহাটী ক্লাৱ, চানমাৰি উৰণীয়া সেঁতু, নুনমাটি, পাঠৰকুৱেৰী, এক্সপ্ৰেছ হাইৱে, ছয়মাইল, জি এছ ৰোড, চুপাৰ মাৰ্কেট লাষ্টগেট, গণেশমন্দিৰ হৈ নিজৰ গন্তব্য স্থানলৈ যাব পাৰিব ৷
  • নটবমাৰ পৰা আমিনগাঁৱলৈ চলাচল কৰা বাহন সমূহ ( যিবোৰ বাহন আৰ পি ৰোড, গণেশগুৰি, চান্দমাৰি ,কাছাৰী, আমিনগাঁৱলৈ চলাচল কৰিছিল) এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ ২৭ নং ত্ৰিপুৰা গলি, এক্সপ্ৰেছ হাইৱে, নাৰেংগী, নুনমাটি, চানমাৰি হৈ আমিনগাঁৱলৈ যাব পাৰিব ৷

লঘু যাত্ৰীবাহী বাহন যেনে টাটা মেজিক, চেয়াৰ টেক্সী আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে :

  • নামনি অসমৰ পৰা অহা যাত্ৰীবাহী বাহন সমূহ( অল অসম টুৰিষ্ট পাৰমিট থকা বাহন) আদাবৰী বাছষ্টেন্ডলৈ হে আহিব পাৰি ৷
  • উজনি অসমৰ পৰা অহা বাহনসমূহ আই এছ বি টি লৈ আহিব পাৰি ৷

অন্যধৰণৰ যাত্ৰীবাহী গাড়ী সমূহ মহানগৰীৰ ভিতৰত বা পাশ্বৱৰ্তী অঞ্চলত চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু ট্ৰেফিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এইক্ষেত্ৰত প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হ’ব পাৰে ।

  • লখৰাৰ পৰা নেপালী মন্দিৰ অভিমুখে আহিব লগীয়া ট্ৰেকাৰ মেজিক বা টেম্পু সমূহ চেৰাবভাটিলৈহে আহিব পাৰিব ৷
  • নামনি অসমৰ দিশৰ পৰা মাছখোৱালৈ আহিবলগীয়া এ এচ টি চি অধীনস্থ বাছসমূহক মাছখোৱাৰ পৰিৱৰ্তে আই এছ বি টি লৈ যাব দিয়া হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.