ETV Bharat / state

Construction in Guwahati: মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ জিলা আযুক্তৰ - Guwahati development project

এগৰাকী ছাত্ৰীৰ শোকাৱহ মৃত্যুৰ পাচত প্ৰশাসনৰ চকু পৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত খান্দি ৰখা বিপদ সংকুল গাঁতসমূহত (Road construction in Guwahati) ৷ মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ ৷ কিমান দিনৰ ভিতৰত কাম শেষ কৰিব পাৰিব সেয়া আগতীয়াকৈ জনাব লাগিব প্ৰশাসনক ৷ কাম কৰাৰ পূৰ্বে এন অ’ চি তথা প্ৰশাসনৰ পৰা ল’ব লাগিব অনুমতি ৷

Construction in Guwahati
Construction in Guwahati
author img

By

Published : Jun 9, 2023, 8:39 PM IST

গুৱাহাটী, ৯ জুন: ঘটনা এটা সংঘটিত হ’লেহে যে চৰকাৰ-প্ৰশাসনৰ গা লৰে ৷ এগৰাকী ছাত্ৰীৰ শোকাৱহ মৃত্যুৰ পাচত প্ৰশাসনৰ চকু পৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত খান্দি ৰখা বিপদ সংকুল গাঁতসমূহত ৷ চকুত পৰিল নীতি বহিভূৰ্তভাৱে কৰা কাম ৷ এগৰাকী ছাত্ৰীয়ে প্ৰাণ দিয়াৰ পাচতেহে সাৰ পাইছে প্ৰশাসনে (School girl died in Guwahati accident) ৷

উল্লেখ্য যে বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিত প্ৰিয়া কুমাৰী নামৰ এগৰাকী ছাত্ৰীৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ৷ প্ৰিয়া কুমাৰীৰ মৃত্যুৰ পিচতেই উক্ত ঘটনাৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বৰ শৰ্মাই কামৰূপ মহানগৰ জিলা আয়ুক্তক নিৰ্দেশ প্ৰদান কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতেই কঠোৰ হৈছে জিলা আয়ুক্তগৰাকী (Road construction in Guwahati) ৷

শুকুৰবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ ২৪ ঘণ্টাৰ ভিতৰত বন্ধ কৰিব লাগিব বাট-পথৰ কাম ৷ কিমান দিনৰ ভিতৰত কাম শেষ কৰিব পাৰিব সেয়া আগতীয়াকৈ জনাব লাগিব প্ৰশাসনক ৷ তদুপৰি কাম কৰাৰ পূৰ্বে এন অ’ চি (NOC) তথা প্ৰশাসনৰ ল’ব লাগিব অনুমতি (Guwahati construction work) ৷

Construction in Guwahati
নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ জিলা আয়ুক্তৰ নিৰ্দেশনা

শুকুৰবাৰৰ দিনটোতে গাঁত খন্দাৰ বাবে যান-বাহন আৰক্ষী, লোক নিৰ্মাণ বিভাগৰ অনুমতি নোলোৱাৰ বাবেই AK Construction ছুপাৰভাইজাৰ পি বালাজীক গ্ৰেপ্তাৰ কৰিছে ৷ এগৰাকী মেধাৱী ছাত্ৰীৰ পথ দুৰ্ঘটনাত হোৱা মৃত্যুৱে গা লৰোৱাৰ পিচতহে এ কে কনষ্ট্ৰাকচনৰ পৰিচালকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য গণেশগুৰিৰ দুৰ্ঘটনাৰ পিচতে তেওঁলোকৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ অনুসন্ধানত জানিব পৰা গৈছিল যে গাঁত খান্দিবলৈ লোক নিৰ্মাণ বিভাগৰ পৰা লোৱা নাছিল এন অ’ চি (NOC) । ইয়াৰ লগতে লোৱা নাছিল যান-বাহন আৰক্ষীৰ পৰাও অনুমতি ৷ যিটো গাঁতৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু ছাত্ৰীগৰাকীৰ মৃত্যু হৈছিল ৷

ইফালে জিলা আয়ুক্তৰ নিৰ্দেশত সকলো বিভাগৰ বিষয়া-ঠিকাদাৰৰ নাম তালিকা প্ৰস্তুত কৰা হৈছে (Guwahati development project) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতেই সকলো দিশ নিজে পৰ্যবেক্ষণ কৰিছে জিলা আয়ুক্তগৰাকীয়ে ৷ গণেশগুৰিৰ কৰুণ দুৰ্ঘটনাৰ পিচতেহে গা লৰিছে প্ৰশাসনৰ ৷

লক্ষণীয় বিষয় যে জাইকাৰ পানী যোগান আঁচনিৰ নামত গুৱাহাটীৰ ঠায়ে ঠায়ে গাঁত খান্দি ৰখা হৈছে ৷ যিসমূহ গাঁত বৰ্তমান সময়ত মৰণফান্দ ৰূপে পৰিগণিত হৈছে ৷ ইফালে গণেশগুৰিৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু হৈছে ৷ সেইদৰে আপেও ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছে ৷

লগতে পঢ়ক: Guwahati Road accident: বিতৰ্কিত এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পি বালাজী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.