ETV Bharat / state

বিটিচি নিৰ্বাচনৰ দিন ঘোষণা

author img

By

Published : Nov 17, 2020, 3:18 PM IST

Updated : Nov 17, 2020, 5:20 PM IST

বিটিচি নিৰ্বাচনৰ দিন ঘোষণা
বিটিচি নিৰ্বাচনৰ দিন ঘোষণা

15:08 November 17

ৰাজ্যিক নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে বিটিচি নিৰ্বাচনৰ দিন ৷ সেই অনুসৰি দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন ৷

গুৱাহাটী,17 নৱেম্বৰ: অৱশেষত ঘোষিত হ’ল বহু প্ৰত্যাশিত বিটিচি নিৰ্বাচনৰ দিন ৷ ৰাজ্যিক নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ওদালগুৰি আৰু বাক্সা জিলাত ক্ৰমে 7 ডিচেম্বৰত ৷ প্ৰথম পৰ্যায়ৰ পুনঃ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব 8 ডিচেম্বৰত ৷

ইফালে, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব কোকৰাঝাৰ আৰু চিৰাং জিলাত ৷ এই ভোটগ্ৰহণ 10 ডিচেম্বৰত অনুষ্ঠিত হ’ব ৷ দ্বিতীয় পৰ্যায়ৰ পুনঃ ভোটগ্ৰহণ 11 ডিচেম্বৰত অনুষ্ঠিত হ’ব ৷ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা 7.30 বজাৰ পৰা আৰম্ভ হৈ সামৰণি পৰিব 4.30 বজাত ৷ বিটিচি নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব 12 ডিচেম্বৰত ৷ মঙলবাৰে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ আয়ুক্ত আলোক কুমাৰে এক নিৰ্দেশনাযোগে নিৰ্বাচনৰ ভোটগ্ৰহণ, পৰিস্থিতি সাপেক্ষে পুনৰবাৰ ভোটগ্ৰহণ আৰু গণনাৰ দিন ঘোষণা কৰে । উল্লেখ্য যে, বিটিচিৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলিত বৰ্ষৰ 4 এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ সেই অনুসৰি নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছিল যদিও কোভিড 19 কেন্দ্ৰীক অচলাৱস্থাৰ বাবে এই নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছিল ৷

লগতে চাওকঃ সেনাৰ বেশত তহল দিবলৈ আহি আজাৰাত গ্ৰেপ্তাৰ ১১জন লোক

Last Updated : Nov 17, 2020, 5:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.