ETV Bharat / state

শূঁৰ পোকৰ ত্ৰাস: পৰিত্ৰাণৰ উপায় সন্দৰ্ভত কি ক’লে বিশিষ্ট কৃষি বিজ্ঞানী সমীৰণ পাঠকে ?

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 6:48 PM IST

বানৰ পিছত এতিয়া কৃষকসকলৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাৰ দৰে পৰিছে শূঁৰ পোক ৷ শূঁৰ পোকে এতিয়া নিদ্ৰাহৰণ কৰিছে চহা খেতিয়কৰ ৷ শূঁৰ পোকৰ নিয়ন্ত্ৰণ সন্দৰ্ভত কি ক’লে বিশিষ্ট কৃষি বিজ্ঞানী সমীৰণ পাঠকে ?

Army worms Attack
শূঁৰ পোকৰ ত্ৰাস
শূঁৰ পোক নিয়ন্ত্ৰণ কৰাৰ উপায়

গুৱাহাটী, 16 নৱেম্বৰ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাননি পথাৰত এতিয়া শূঁৰ পোকৰ ত্ৰাস ৷ ক্ৰমে সোণালী হ’বলৈ ধৰা শ শ বিঘা ধাননি পথাৰ তহিলং কৰিছে শূঁৰ পোকে ৷ ফলত হতাশাত ভুগি মূৰে-কপালে হাত দিছে খেতিয়ক সকলে ৷

প্ৰতিবছৰে বানত সৰ্বস্বান্ত হোৱা অসমৰ সাধাৰণ কৃষকে গাঁঠিৰ ধন ভাঙি, কঠীয়া ক্ৰয় কৰি বানৰ পাছত কৃষকে খেতি পথাৰত ভূই ৰুবলৈ সক্ষম হৈছিল ৷ কিন্তু বানৰ পিছত এতিয়া কৃষকসকলৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাৰ দৰে পৰিছে শূঁৰ পোক ৷ শূঁৰ পোকে এতিয়া নিদ্ৰাহৰণ কৰিছে চহা খেতিয়কৰ ৷ 2016 চনৰ পিছত এইবাৰ পুনৰ অসমৰ খেতি পথাৰত শূঁৰ পোকৰ ভয়ংকৰ উপদ্ৰৱ হৈছে ৷ যাৰ বাবে খেতিয়কসকল চকুৰে সৰিয়হৰ ফুল দেখিছে ৷

শূঁৰ পোকৰ সৃষ্টি আৰু এই ক্ষেত্ৰত কৃষকৰ কৰণীয়‌ সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা গুৱাহাটীৰ কাঁহিকুছিত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশিষ্ট কৃষি বিজ্ঞানী সমীৰণ পাঠকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ৷ তেওঁ কয় যে পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্যহীনতাৰ ফলত শূঁৰ পোকৰ উপদ্ৰৱ‌‌ বাঢ়ে ৷ এই শূঁৰ পোক ধ্বংস কৰাৰ বাবে কিছুমান বিজ্ঞানসন্মত নিয়ম আছে ৷ এই নিয়ম সমূহ কৃষকসকলে অনুসৰণ নকৰাৰ ফলত শূঁৰ পোকৰ উপদ্ৰৱ‌‌ বাঢ়ে ৷ ফলত ধান খেতিৰ বিস্তৰ অনিষ্ট সাধন‌ হয় ৷

তেওঁ কয় যে এইবাৰ অসমৰ‌ বিভিন্ন জিলাত‌‌ এই পোকৰ উপদ্ৰৱ হৈছে ৷ এই ক্ষেত্ৰত বিভাগৰ তৰফৰ পৰা কৃষক সকলক পৰামৰ্শ দিয়া হৈছে ৷ তেওঁ কয় যে খেতিপথাৰত কিছুমান বন্ধু অৰ্থাৎ উপকাৰী পোক থাকে ৷ কিন্তু উপকাৰী পোক অপকাৰী পোকতকৈ সংখ্যাত কম ৷ যাৰ বাবে খেতিয়কে জধে মধে ৰাসায়নিক সাৰ দিলে এই উপকাৰী পোকবোৰৰ মৃত্যু ‌হয় ৷ ফলত শূঁৰ পোকৰ উপদ্ৰৱ‌‌ বাঢ়ে ৷

তেওঁ কয় যে শূঁৰ পোক মৰাৰ‌ বাবে খেতিয়কে নিয়মমতে ৰাসায়নিক সাৰ দিব লাগিব ৷ লগতে খেতি‌ পথাৰৰ মাজত জেং দিয়াৰ ব্যৱস্থা কৰিব লাগিব ৷ পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগিব ৷ যাতে চৰাই আহি শূঁৰ পোক খায় ধ্বংস কৰিব পাৰে ৷

লগতে পঢ়ক : Terror of Army worm in Rani:পশ্চিম গুৱাহাটীত শূঁৰ পোকে খহাইছে পকা ধান,হুমুনিয়াহ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.