গুৱাহাটী, ১৬ এপ্ৰিল: অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে অসম চৰকাৰে । যাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰি অভিযান অব্যাহত ৰাখিছে । অভিযানৰ মাজতে সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা । কিন্তু আৰক্ষীৰ এই ব্যাপক অভিযান আৰু এনকাউণ্টাৰৰ(Encounter in Assam) পাছতো চুৰি-ডকাইতিৰ পৰা আৰম্ভ কৰি বলাৎকাৰ, লুণ্ঠন, হত্যা আদি অপৰাধজনিত ঘটনা ৰাজ্যত হ্ৰাস হোৱা নাই ।
মানুহৰ মাজত অপৰাধৰ প্ৰৱণতা কমাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈছে । আৰক্ষীক ৰাজ্য চৰকাৰে অধিক শক্তিশালী কৰি ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰাৰ চেষ্টা চলাই মনোবল বৃদ্ধি কৰিছে যদিও অপৰাধীয়ে নিতৌ অপৰাধাজনিত ঘটনা সংঘটিত কৰি গৈছে । বেংক, ব্যক্তিগত আৱাস বা ৰাজহুৱা স্থানত চি চি কেমেৰাকে ধৰি অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত অপৰাধীক কৰায়ত্ত কৰাত সহজ হৈছে যদিও এই প্ৰযুক্তিসমূহক ভেঙুচালি কৰিবলৈ দুষ্কৃতিকাৰী পিছ হোঁহকা নাই । বৰং অপৰাধী অধিক সক্ৰিয়হে হৈছে ।
উল্লেখ্য যে, পূৰ্বতে অসম আৰক্ষী বৰ্তমানৰ দৰে সক্ৰিয় নাছিল । তেনেদৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰো আছিল তুলনামূলকভাবে কম । গৃহ বিভাগৰ তথ্য অনুসৰি ২০১১-২০১৬ বৰ্ষলৈ ৰাজ্যত সংঘটিত হৈছিল মুঠ ৮৫,২২৪ টা অপৰাধজনিত ঘটনা । ইয়াৰ পৰিৱৰ্তে ২০১৬ চনৰ পৰা ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰীলৈ ৰাজ্যত ১,১৯,৮০০ টা অপৰাধজনিত ঘটনা সংঘটিত হৈছে । অর্থাৎ এই সময়ছোৱাত মুঠ ৩৪,৫৭৬ টা অপৰাধজনিত ঘটনা বৃদ্ধি হ’ল । চুৰি, ডকাইতি, বেংক লুট, অপহৰণ, লুণ্ঠন, বলৎকাৰৰ ঘটনা আগতকৈ বহু পৰিমাণে বৃদ্ধি হৈছে (Crime statistics in Assam)।
অসম আৰক্ষী অধিক সক্ৰিয় আৰু শক্তিশালী হোৱাৰ পাছতো চুৰি কাৰ্যৰ ঘটনা পূৰ্বৰ ৪২,৪১০ টাৰ পৰা ৬৩,১১১ টালৈ বৃদ্ধি হ’ল । পূৰ্বৰ ৫ বছৰত বলাৎকাৰৰ ঘটনা হৈছিল ৮,৬২৯টা। ইয়াৰ পাছত এই সংখ্যা ৯,৬৩৮ টালৈ বৃদ্ধি হ'ল । সেইদৰে অপহৰণ ২২,৬৩৫ টাৰ পৰা ৩৪,২৮৩ টালৈ বৃদ্ধি হ'ল । আনহাতে বেংক লুট ২টাৰ পৰা ৭ টালৈ, লুণ্ঠনৰ ঘটনা ৩,৬৮৩ টাৰ পৰা ৫,৪৪০ টালৈ বৃদ্ধি হ'ল । ৰাজ্য চৰকাৰে অসম আৰক্ষীক শক্তিশালী কৰাৰ প্ৰচেষ্টা চলাই অসমক অপৰাধমুক্ত ৰাজ্যত পৰিণত কৰাৰ পণ লৈছে ।
কিন্তু ইয়াৰ বিপৰীতে অপৰাধ আৰু অপৰাধীৰ সংখ্যা বৃদ্ধিহে হৈছে । অপৰাধীৰ বিৰুদ্ধে সফল অভিযান চলাই কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । ইফালে অপৰাধীৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে অসমৰ কাৰাগাৰসমূহত কয়দী ৰাখিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে । পূৰ্বৰ চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ কার্যকালৰ তুলনাত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ হোৱা হত্যাকাণ্ডৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস হৈছে । পূৰ্বৰ ৫ টা বছৰত অন্ধবিশ্বাসৰ ফলত হোৱা হত্যাকাণ্ডৰ ঘটনাৰ সংখ্যা আছিল ৪৮ টা ।
পৰবৰ্তী সময়ত ইয়াৰ সংখ্যা ২৯ টালৈ হ্ৰাস পায় । সেইদৰে পকেটমাৰৰ ঘটনাও ৬১টাৰ পৰা ৫২ টালৈ হ্ৰাস হয় । ইফালে হত্যাকাণ্ডৰ সংখ্যা ৬,৪৫৩ টাৰ পৰা ৬,১৯২ টালৈ কিছু হাস হৈছে । আগৰ ৫ বছৰত ডকাইতি ঘটনা সংঘটিত হৈছিল ১,৩০৩টা । ২০১৬ ৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰীলৈ ডকাইতিৰ ঘটনা হ্ৰাস হৈছে ১,০৪৮ টালৈ । কিন্তু সামগ্ৰিকভাৱে ৰাজ্যখনত অপৰাধজনিত ঘটনাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।
লগতে পঢ়ক: যান-বাহন আইন উলংঘা কৰি মন্ত্রী অতুল বৰাৰ বাইক ৰেলী