মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা টুইটঃ দুষ্ট চক্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ - হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা টুইট সম্পাদনা
কৰ'ণা ভাইৰাছৰ সকলো তথ্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে টুইটাৰযোগে ৷ সোমবাৰে এক দুষ্ট চক্ৰই হিমন্ত বিশ্ব শৰ্মাৰ নামত এক ভুৱা খবৰ প্ৰচাৰ কৰিছিল ছ'চিয়েল মিডিয়াত ৷
গুৱাহাটী,12 মে'ঃ কৰ'ণা ভাইৰাছৰ সকলো তথ্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে টুইটাৰযোগে ৷ কিন্তু সোমবাৰে এক দুষ্ট চক্ৰই হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা প্ৰচাৰ কৰিছিল ছ'চিয়েল মিডিয়াত ৷ টুইটাৰৰ এটা প'ষ্ট সম্পাদনা কৰি জনসাধাৰণৰ মাজত ভুল বাৰ্তা বিয়পাই দিছিল চক্ৰটোৱে ৷ এই চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যে ক্ৰাইম ব্ৰান্সে এক গোচৰ ৰুজু কৰিছে ৷
৪৭১, ৪৬৯ আইপিচি আৰু ৬৬(ডি) আই.টি এক্টৰ অধীনত গোচৰ ৰুজু কৰি চক্ৰটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, আজমেৰৰ পৰা কাছাৰলৈ অহা বিশেষ বাছখনৰ আঠগৰাকী যাত্ৰী নতুনকৈ কৰ'ণাত আক্রান্ত বুলি উল্লেখ কৰি টুইটাৰ যোগে প্ৰচাৰ কৰিছিল । লগতে আন একাংশই গুৱাহাটী মহানগৰীকে ধৰি সাতখন জিলাক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰেড জ'ন ঘোষণা কৰা বুলি প্ৰচাৰ কৰিছিল ৷
TAGGED:
crime branch