গুৱাহাটী, 28 মে': নিতৌ উন্মোচন হৈছে জুৰোড বিস্ফোৰণৰ বহু চাঞ্চল্যকৰ তথ্য ৷ আলফাৰ অভাৰগ্ৰাউণ্ড সদস্য হিচাপে কাম কৰাৰ অভিযোগত এইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এগৰাকী ছাত্ৰনেতাক ৷ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যৰ এগৰাকী উদীয়মান লেখক সঞ্জীৱ তালুকদাৰক সোমবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ জুৰোড কাণ্ডৰ মূল অভিযুক্ত আলফা কেডাৰ বিজয় অসমে আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত বাইহাটা চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰে মেধাৱী ছাত্ৰগৰাকীক ৷
মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনোৱা অনুসৰি বিগত দুবছৰে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল সঞ্জীৱে ৷ আলফাৰ অভাৰগ্ৰাউণ্ড সদস্য হিচাপে ছাত্ৰগৰাকীয়ে কাম কৰি আহিছিল বুলি জনাইছে আৰক্ষী আয়ুক্তগৰাকীয়ে ৷ পৰেশ বৰুৱাৰ নিৰ্দেশ অনুসৰি নিষিদ্ধ সংগঠনটোক সহায় কৰি আহিছিল মেধাৱী ছাত্ৰগৰাকীয়ে ৷ 27 এপ্ৰিলত সঞ্জীৱ তালুকদাৰে বিজয় অসমক বিস্ফোৰণস্থলীৰ লগতে মহানগৰীৰ বিভিন্ন স্থান পৰ্যবেক্ষণ কৰাইছিল ৷
উল্লেখ্য যে কটন কলেজত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক আৰু উদ্ভিদ বিজ্ঞান বিভাগত স্নাতক শিক্ষা গ্ৰহণ কৰা সঞ্জীৱ তালুকদাৰ 2016-17 বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি আছিল ৷ এগৰাকী সচেতন ছাত্ৰ হিচাপে পৰিচিত ছাত্ৰগৰাকী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল ৷ এগৰাকী প্ৰতিভাৱান লেখক হিচাপেও ৰাজ্যৰ বৌদ্ধিক মহলত এক পৰিচিত নাম আছিল-সঞ্জীৱ তালুকদাৰ ৷ কিছুদিনৰ বাবে সংবাদ মাধ্যমৰ সৈতেও জড়িত আছিল সঞ্জীৱ ৷ তেনে এগৰাকী প্ৰতিভাৱান যুৱকক বোমা বিস্ফোৰণত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷