গুৱাহাটী, 16 জানুৱাৰী : শনিবাৰৰ পৰা দেশজুৰি আৰম্ভ কৰা হৈছে ক’ভিড-19 ৰ টীকাকৰণ ৷ ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো আৰম্ভ কৰা হৈছে টীকাকৰণ প্ৰক্ৰিয়া ৷ 12 গৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰথমে প্ৰদান কৰা হয় ক’ভিড-19 ৰ ভেকচিন ৷ এই কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ৷ পোন প্ৰথমে প্ৰতিষেধক গ্ৰহণ কৰা চিকিৎসক কেইজন হৈছে ডাঃ উমেশ শৰ্মা, ডাঃ ধ্ৰুৱজ্যোতি শৰ্মা, পদ্মশ্রী ডাঃ ইলিয়াছ আলী, ডাঃ বিভাষ চন্দ্র গোস্বামী, ডাঃ সুভাষ খান্না, ডাঃ হৰ্ষ ভট্টাচাৰ্য, ডাঃ ৰথীন্দ্র বৰ্মন, ডাঃ অচ্যুৎ বৈশ্য ডাঃ অভিজিৎ শৰ্মা, ডাঃ ব্রজেন লহকৰ, ডাঃ মনোজ অধিকাৰী ।
![covid vaccination at assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10263015_hf.jpg)
অসমত ইতিমধ্যে ২,২১,৫০০ ভেকচিন আহি পাইছে ৷ কোভিশ্বিল্ড লোৱাৰ পূৰ্বে অনুমতি প্রদান কৰিব লাগিব বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সদৰি কৰিছিল ৷ মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, দেশত ৩০ কোটিতকৈ অধিক লোকক টীকাকৰণত সামৰি লোৱা হ’ব । ইয়াক বিভিন্ন স্তৰত প্ৰদান কৰা হ’ব ।
![covid vaccination at assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10263015_hhhfs.jpg)
একেলগে যিহেতু সকলোকে সামৰিব পৰা নাযায় সেয়েহে প্রথম পৰ্যায়ত ক’ভিড যোদ্ধাসকলক দিয়া হ’ব প্ৰতিষেধক । দ্বিতীয় স্তৰত সন্মুখৰ পৰা যুঁজ দিয়া কৰ্মীসকলক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন ৷ আনহাতে তৃতীয় স্তৰত ৫০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলক এই প্ৰতিষেধক দিয়া হ’ব ।
![covid vaccination at assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10263015_jjd.jpg)
এই তিনিটা স্তৰত সাঙুৰি লোৱা হ’ব অসমৰ ৩৩% লোকক । ইয়াৰ ভিতৰত আছে ১.৯ লাখ স্বাস্থ্য কৰ্মী, ১ লাখ সন্মুখৰ পৰা যুঁজ দিয়া কৰ্মী । ইতিমধ্যে নাম পঞ্জীয়ন কৰা ২.৯ লাখ হিতাধিকাৰীয়ে লাভ কৰিব প্ৰতিষেধক । অসমে মুঠ ৩,৮০,০০০ ভেকচিন লাভ কৰিব ৷ ইতিমধ্যে আহি পাইছে ২,২১,৫০০ ভেকচিন । অসমত এদিনত ৬,৫০০ জনক ভেকচিন দিয়াৰ লক্ষ্য লোৱা হৈছে । সপ্তাহত ৪টা দিনতহে দিয়া হ’ব ভেকচিন ।
![covid vaccination at assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10263015_hghg.jpg)
লগতে পঢ়ক : নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ