ETV Bharat / state

ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ'ণাৰ সংক্ৰমণ

author img

By

Published : Jul 3, 2021, 2:03 PM IST

বিভিন্ন জিলাত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা জিলাসমূহত কঠোৰ নীতি-নিৰ্দেশনা বলৱৎ হোৱাৰ সম্ভাৱনা । ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ১.৫৯ শতাংশলৈ হ্ৰাস । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক'ভিডত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।

covid update
ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ'ণাৰ সংক্ৰমণ

গুৱাহাটী,৩ জুলাই : ৰাজ্যত অব্যাহত আছে ক’ভিডৰ (Covid) সংক্ৰমণ । বিগত কিছুদিন ধৰি প্ৰায় একেই অৱস্থাত আছে সংক্ৰমণৰ হাৰ । অৱশ্যে ৰাজ্যিক ভিত্তিত আক্ৰান্তৰ হাৰ প্ৰায় একেই থাকিলেও জিলা ভিত্তিত যথেষ্ট তাৰতম্য হোৱা পৰিলক্ষিত হৈছে । বিগত কিছুদিন ধৰি ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ১.৫০ শতাংশৰ পৰা ৩ শতাংশৰ ভিতৰত আছে যদিও বিভিন্ন জিলাত আক্ৰান্তৰ হাৰ ১০ শতাংশৰো বেছি হৈছে ।

যাক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ (Health Department)। উল্লেখ যে কেন্দ্রৰ ৰেডজ’নত (Red zone) অন্তর্ভুক্ত হোৱা বিশ্বনাথ, চৰাইদেউ, নলবাৰী আৰু মৰিগাঁও জিলাক লৈ চিন্তনীয় হৈ পৰা স্বাস্থ্য মন্ত্রালয়ে শেহতীয়াকৈ অসম চৰকাৰলৈ পত্র প্রেৰণ কৰি কঠোৰভাৱে এছ অ’ পি (SOP) পালনৰ পৰামর্শ দিছে । লক্ষণীয় বিষয় যে ২১ জুনৰ পৰা ২৭ জুনলৈ বিশ্বনাথ, চৰাইদেউ, নলবাৰী আৰু মৰিগাঁও জিলাত পজিটিভিটীৰ হাৰ ১০ শতাংশতকৈ অধিক বুলি উল্লেখ কৰি জিলাকেইখনত সংক্রমণ বৃদ্ধিৰ কাৰণ বিশ্লেষণ কৰি প্রয়োজনীয় পদক্ষেপ ল’বলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক নির্দেশ দিছে কেন্দ্ৰই ।

ইফালে কেন্দ্ৰৰ ৰেড জ'নৰ মাজতে ৰাজ্যৰ আন তিনিখন জিলা ক্রমে কামৰূপ মহানগৰ, গোলাঘাট আৰু শোণিতপুৰ জিলাত শেহতীয়াকৈ কৰ'নাৰ সংক্রমণ বৃদ্ধি হ’ব ধৰিছে । জিলা তিনিখনৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত পর্যালোচনা চলাই থকা স্বাস্থ্য বিভাগে প্রয়োজনত জিলা তিনিখনত কৰ'ণাৰ নীতি-নিৰ্দেশনা অধিক কঠোৰভাৱে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কামৰূপ মহানগৰ, গোলাঘাট আৰু শোণিতপুৰ জিলাত সংক্রমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিলক্ষিতত সোমবাৰৰ পৰা প্রয়োজনত জিলা তিনিখনত এছ অ’ পিৰ কঠোৰ নীতি-নিয়ম বলৱৎ কৰাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ হাৰ (Covid Positivity rate) ১.৫৯ শতাংশলৈ হ্ৰাস পাইছে যদিও বৃহস্পতিবাৰে এই হাৰ আছিল ১.৯৪ শতাংশ । বিগত কিছুদিন ধৰি আক্ৰান্তৰ হাৰ কেতিয়াবা ২ শতাংশৰ তলত আৰু কেতিয়াবা ওপৰত হোৱা দেখা গৈছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক'ভিডত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । আনহাতে আক্ৰান্ত হৈছে ২,৪৫৩ গৰাকী লোক । এই সময়ছোৱাত ১,৫৩,৯৮১ টা ক'ভিড টেষ্ট (Covid test) কৰা হৈছিল ।

কামৰূপ মহানগৰত বিগত ২৪ ঘণ্টাত ক'ভিডত আক্ৰান্ত হৈছে ১৮৬ গৰাকী লোক । সেইদৰে বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ২,৯০২ গৰাকী লোকে । সুস্থতাৰ হাৰ (Recovery rate) হৈছে ৯৪.১৯ শতাংশ ।

আনহাতে এতিয়ালৈকে ৰাজ্যৰ ৭৪,৩৯,০৯৮ গৰাকী লোকে ভেকচিন (Vaccine) লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ৬১,৬৩,৬৫৫ গৰাকী লোকে প্ৰথম পালি (First dose) আৰু ১২,৭৫,৪৪৩ গৰাকী লোকে দ্বিতীয় পালি (Second dose) ভেকচিন লাভ কৰিছে । চৰকাৰী তথ্য মতে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ২,৩১,৫২০ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে আৰু চৰকাৰৰ হাতত মজুত আছে ৩,০৪,৭৯০ পালি ভেকচিন ।

লগতে পঢ়ক : ছটাকৈ বিমান বন্দৰক ব্যক্তিগতকৰণৰ কুচকাৱাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.