ETV Bharat / state

ৰাজ্যত অনিয়ন্ত্রিত হৈ আছে ক'ভিডৰ সংক্ৰমণ

author img

By

Published : Jul 15, 2021, 1:12 PM IST

আক্ৰান্তৰ হাৰ ১.৫৪ শতাংশলৈ হ্ৰ‍াস পাইছে যদিও বহু জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সংক্ৰমণ । ২৪ ঘণ্টাত ২,০৪৬ গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২২ গৰাকীৰ । এতিয়ালৈকে ৰাজ্যৰ ৭০,৩৯,৪৮৭ গৰাকী লোকে ভেকচিন পাবলৈ সক্ষম হৈছে ।

covid update
ৰাজ্যত অনিয়ন্ত্রিত হৈ আছে ক'ভিডৰ সংক্ৰমণ

গুৱাহাটী,১৫ জুলাই: ৰাজ্যত সামান্য পৰিমাণে ক'ভিডৰ (Covid) সংক্ৰমণ হ্ৰাস পাইছে যদিও নিয়ন্ত্ৰণ হোৱা নাই । ৰাজ্যৰ বহু জিলাত এতিয়াও উদ্বেগজনক হৈ আছে ক'ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘণ্টাত ৰাজ্যজুৰি ১,৩২,৫৫৭ গৰাকী লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল ৷ ইয়াৰে ২,০৪৬ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ।

আক্ৰান্তৰ হাৰ (Positivity rate) ১.৫৪ শতাংশ । আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ২২৮ গৰাকী গোলাঘাট জিলাৰ । কামৰূপ মহানগৰ জিলাৰ ২০৭ গৰাকী, শিৱসাগৰৰ ১২২ গৰাকী আৰু লখিমপুৰৰ ১১৫ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । আনহাতে বিগত ২৪ ঘণ্টাত ক'ভিডত মৃত্যু হৈছে ২২ গৰাকী লোকৰ ।

মৃত্যুৰ হাৰ ০.৯১ শতাংশ । মৃত্যু হোৱা সকলৰ ভিতৰত সৰ্বাধিক ৩ গৰাকী লখিমপুৰ জিলাৰ । সেইদৰে আৰোগ্য লাভ কৰিছে ২,৬৫৫ গৰাকী লোকে । সেই হিচাপত আৰোগ্যৰ হাৰ ৯৫.২১ শতাংশ ।

বৰ্তমান সময়ত ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ সক্ৰিয় ঘটনা হৈছে ১৯,৬৫৩ টা । উল্লেখ্য যে, বিগত দহ দিনত ৰাজ্যৰ ৯ খন জিলাত হাজাৰৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে । সেই অনুসৰি শীৰ্ষত আছে গোলাঘাট জিলা । জিলাখনত বিগত দহ দিনত ২,৪৬০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।

সেইদৰে কামৰূপ মহানগৰ জিলাত ২,০৫৬ গৰাকী, যোৰহাট জিলাত ১,৬৫১ গৰাকী, লখিমপুৰ জিলাত ১,৬০২ গৰাকী, শোণিতপুৰ জিলাত ১,৫২৩ গৰাকী, ডিব্ৰুগড় জিলাত ১,০৯৩ গৰাকী, শিৱসাগৰ জিলাত ১,০৫২ গৰাকী আৰু নগাঁও জিলাত ১,০২৫ গৰাকী লোক বিগত দহ দিনত কৰ'ণাৰ কবলত পৰিছে । ৰাজ্যত ক'ভিড ভেকচিন (Vaccine) প্ৰদানৰ প্ৰক্ৰিয়া মন্থৰ হৈ পৰিছে । বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,২৬,৪৩১ গৰাকী লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ৭৮,৯৩২ গৰাকীয়ে প্ৰথম পালি (First dose) আৰু ৪৭,৬৮০ গৰাকীয়ে দ্বিতীয় পালি (Second dose) লাভ কৰিছে ।

আনহাতে, এতিয়ালৈকে ৰাজ্যৰ ৭০,৩৯,৪৮৭ গৰাকী লোকে ভেকচিন পাবলৈ সক্ষম হৈছে । ইয়াৰে ৮৪,৭১,০৯৪ গৰাকীয়ে প্ৰথম পালি আৰু ১৪,৩১,৬০৭ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে । কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত ভেকচিন যোগান ধৰাত ব্যৰ্থ হোৱাৰ বাবেই ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াটো ৰাজ্যত অতি লেহেমীয়া হৈ পৰিছে । ইতিমধ্যে ৰাজ্য চৰকাৰে ভেকচিন যোগান ধৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে ।

লগতে পঢ়ক : ধৰমতুলত প্ৰতিবাদৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.