গুৱাহাটী, 6 জুনঃ ক'ভিড পজিটিভ এটা চোৰৰ বাবে গুৱাহাটীৰ আৰক্ষীৰ মাজত হাহাকাৰ ৷ যোৱা ৩১ মে'ত মহানগৰীৰ জালুকবাৰীত আৰক্ষীয়ে আটক কৰি জালুকবাৰী আৰক্ষী চকীত ৰাখিছিল জিণ্টু নাথ নাম চোৰ এটাক ৷ পিছত দিশপুৰ আৰক্ষীক চমজাই দিয়া হৈছিল চোৰটো। ৷ ১ জুনত আদালতত হাজিৰ কৰাই স্বাৱ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল জিণ্টুক ৷
![ক'ভিড পজিটিভ চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-covidthief-as10002_05062020202630_0506f_1591368990_548.jpg)
বৃহস্পতিবাৰে চোৰটো ক'ভিড পজিটিভ বুলি চিনাক্ত হয় ৷ তাৰ পিছতে চিজিএম আদালত, জালুকবাৰী আৰক্ষী চকী আৰু দিশপুৰ আৰক্ষী থানাত হুৱাদুৱাৰ সৃষ্টি হয় ৷
চোৰটোৰ সংস্পৰ্শলৈ অহা জালুকবাৰী আৰক্ষী চকীৰ ৭ জনকৈ গৃহৰক্ষী জোৱানক কোৱাৰেইন্টাইন কৰা হৈছে ৷ জালুকবাৰী আৰক্ষী চকীৰ গিৰিছ ঝা, উৎপল কলিতা, চাহাব আলী, বাবুল আলী, আব্দুল, বাদছাহ আলী আৰু গাড়ী চালক চন্দন গিৰিক কৰা হৈছে কোৱাৰেইন্টাইন । আনহাতে দিশপুৰ আৰক্ষী থানাৰ চাৰিজনক কৰা হৈছে কোৱাৰেইন্টাইন। সকলোৰে স্বাৱ পৰীক্ষা কৰাৰোৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷
![আৰক্ষীক বিপদত পেলোৱা জিন্টু নাথ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7496615_152_7496615_1591400271382.png)
লক্ষণীয় কথা এইটোৱে যে চোৰটোক লগোৱা হেণ্ডকাফ ডাল ইতিমধ্যেই আন বহু লোকক লগোৱা হৈছে ৷ জিণ্টুক কৰায়ত্ব কৰা বাহনখনত আন আন আৰক্ষী বিষয়ায়ো ঘুৰা ফুৰা কৰি আছে ৷ যাৰ বাবে এতিয়া জালুকবাৰী আৰক্ষী চকীত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃ কেনে অৱস্থাত আছে মহানগৰীৰ নৈ সমূহ ?