গুৱাহাটী, 12 নৱেম্বৰ : গুৱাহাটী মহানগৰীত পুনৰ বৃদ্ধি পাইছে ক’ভিড(Covid)ত আক্ৰান্ত লোকৰ সংখ্যা । বিগত তিনিদিনৰ পৰা গুৱাহাটীত ক্ৰমাগতভাৱে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । চৰকাৰৰ তথ্য অনুসৰি, বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত 130 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি ৷
বিগত 9 নৱেম্বৰত মহানগৰীত 115 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছিল ৷ 10 নৱেম্বৰত 121 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত । এনেদৰে গুৱাহাটী মহানগৰীত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থাকিলে জটিল হৈ পৰিব গুৱাহাটীৰ পৰিস্থিতি ৷
মন কৰিবলগীয়া যে, দুৰ্গোৎসৱৰ পাচৰে পৰা গুৱাহাটীত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আছে । চৰকাৰ তথা প্ৰশাসনৰ দুৰ্বল ভূমিকা আৰু অধিকাংশ নাগৰিকে ক’ভিডৰ নীতি-নিৰ্দেশনাক ভেঙুচালি কৰাৰ বাবে গুৱাহাটীত বাঢ়িছে আক্ৰান্তৰ সংখ্যা ৷
ইফালে কামৰূপ মহানগৰ জিলা উপায়ুক্তই জনোৱা মতে, গুৱাহাটীত শেহতীয়াকৈ ক’ভিড পৰীক্ষা কৰা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : আমগুৰিৰ বিদ্যালয়ত ক’ভিডৰ ত্ৰাস