ETV Bharat / state

ৰে'ড জ'নত পৰিণত হ'ব নেকি অসম !

একেদিনাই অসমত চিনাক্ত 8 গৰাকী COVID-19 আক্ৰান্ত ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দেহতো COVID-19ৰ অৱস্থিতি ৷ কোৱাৰেন্টাইন কৰা হৈছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা বহুকেইজন চিকিৎসকক ৷ অসমক ৰে'ড জ'ন ঘোষণা কৰাৰ সম্ভাৱনা ৷

author img

By

Published : May 8, 2020, 1:10 PM IST

will Assam be turned into RED ZONE
will Assam be turned into RED ZONE

নিউজ ডেস্ক, 8 মে' : অসমত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় পৰ্যায়ৰ লক্ ডাউনৰ অন্তত গ্ৰীণ জ'নত কিছু শিথিল কৰা হৈছিল নীতি-নিয়ম ৷ বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলকো অসমলৈ আহিবলৈ অনুমতি দিয়াৰ লগতে চৰকাৰে বাছৰ ব্যৱস্থাও কৰি দিছিল ৷ কিন্তু, ক্ৰমাগতভাৱে অসমত 5 মে'ৰ পৰা পুনৰ চিনাক্ত হ'বলৈ ধৰিছে COVID-19 আক্ৰান্ত ব্যক্তি ৷

5 মে'ত কোকৰাঝাৰত এজন আৰু 6 মে'ত শিলচৰত আন এজন লোকৰ দেহত ভাইৰাছ বিধৰ অৱস্থিতি ধৰা পৰে ৷ 7 মে' তাৰিখে শিলচৰ চাৰিজন আৰু গুৱাহাটীত চাৰিজনকৈ একেদিনাই মুঠ 8 জন COVID-19 আক্ৰান্ত লোক চিনাক্ত হয় ৷ এই পৰিসংখ্যা অসমত এদিনত চিনাক্ত হোৱা COVID-19 আক্ৰান্তৰ ক্ষেত্ৰতত সৰ্বাধিক ৷ উদ্বেগজনক খবৰটো হ'ল যে, গুৱাহাটীত আক্ৰান্ত সকলৰ ভিতৰত এগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু আন এগৰাকী বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত চাফাই কৰ্মীৰ আত্মীয় ৷

will Assam be turned into RED ZONE
গুৱাহাটীত পৰিস্থিতি পৰ্যবেক্ষণ হিমন্ত বিশ্ব শৰ্মাৰ

অসমত ৰে'ড জ'ন নাছিল, কেৱল তিনিখন জিলা অৰেঞ্জ জ'ন আৰু বাকী 30 খন গ্ৰীণ জ'ন হিচাপে ঘোষিত হৈছিল ৷ 4 মে'ৰ পৰা 30খন জিলাত দেখা গৈছিল স্বাভাৱিক অৱস্থা আৰু মানুহৰ সমাগম ৷ কিন্তু বৰ্তমান লক্ ডাউন শিথিল কৰাৰ পাচতেই যিহেতু অসমত অপ্ৰত্যাশিতভাৱে COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, তাৰ ফলত এক প্ৰকাৰ ৰাজ্যখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

শুকুৰবাৰে পুৱাৰ পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু আন স্পৰ্শকাতৰ এলেকা সমূহ ভ্ৰমণ কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ইতিমধ্যে বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান সাময়িকভাৱে বন্ধ কৰি দিয়াৰ লগতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ো নতুন ৰোগীৰ বাবে বন্ধ কৰা হৈছে ৷ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 আৰু 5 নং হোষ্টেল ৷ আনহাতে বিয়লিলৈ আহ্বান জনোৱা হৈছে কেবিনেটৰ জৰুৰীকালীন বৈঠক ৷ এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পৰৱৰ্তী কাৰ্যপন্থাৰ ৷ অসম ৰে'ড জ'নলৈ গতি কৰাৰো সম্ভাৱনা প্ৰকট হৈছে বৰ্তমান পৰিস্থিতিত ৷

will Assam be turned into RED ZONE
সাময়িকভাৱে বন্ধ হ'ল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান

আনহাতে, লক্ ডাউনৰ ক্ষেত্ৰতো হয়তো চৰকাৰে নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিব ৷ কিয়নো, লক্ ডাউন শিথিলৰ পাচতে ৰাজ্যৰ বিভিন্ন স্থানত অনাৱশ্যকীয় ভিৰ পৰিলক্ষিত হৈছে ৷ সামাজিক দূৰত্বৰ নিৰ্দেশ পাহৰি মানুহে ব্যাপক ৰূপত নিজৰ বিপদ চপায় লোৱা যেন ভাৱ হৈছে ৷ যাৰ ফলত পুনৰ অসমে এক ভয়ংকৰ দিশলৈ গতি কৰিবলৈ ধৰিছে ৷

জ'ন সমূহৰ বিষয়ে কিছু কথা জানো আহক :

COVID-19 আক্ৰান্তৰ সংখ্যা আৰু পৰিস্থিতিৰ ভিত্তিত অঞ্চল সমূহক তিনিটা জ'নত বিভক্ত কৰা হৈছে ৷ ৰে'ড জ'ন, অৰেঞ্জ জ'ন আৰু গ্ৰীণ জ'ন ৷

যি সমূহ এলেকাত প্ৰায় 80 শতাংশ লোক COVID-19ৰ দ্বাৰা আক্ৰান্ত হয় সেই সমূহ অঞ্চলক ৰে'ড জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ ৰে'ড জ'নত দোকান-বজাৰ, যাতায়াত আদি সকলো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় ৷ ভাৰতৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি সমগ্ৰ দেশত 170 টা স্পৰ্শকাতৰ অঞ্চলক ৰে'ড জ'ন হিচাপে চিহ্নিত কৰা হৈছে ৷

যি সমূহ এলেকাত COVID-19 আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে ৰে'ড জ'নতকৈ কম সেই সমূহ অঞ্চলক চিহ্নিত কৰা হৈছে অৰেঞ্জ জ'ন হিচাপে ৷ য'ত মাত্ৰ কেইটামান আক্ৰান্তৰ ঘটনা চিনাক্ত হয় আৰু এই পৰিসংখ্যা বৃদ্ধি নাপায়, সেই অঞ্চল সমূহ অৰেঞ্জ জ'নত অন্তৰ্ভুক্ত কৰা হৈছে ৷ অৰেঞ্জ জ'নত কিছুমান অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খুলিবলৈ আৰু জৰুৰীকালীন বাহন চলাচলৰ বাবে অনুমতি দিয়া হয় ৷

গ্ৰীণ জ'নৰ অন্তৰ্ভুক্ত কৰা হৈছে সেই সমূহ অঞ্চলক, য'ত 21 দিন ধৰি এটাও COVID-19 আক্ৰান্ত চিনাক্ত হোৱা নাই ৷ গ্ৰীণ জ'নৰ অন্তৰ্ভুক্ত অঞ্চলত অৱশ্যে কিছু নীতি নিৰ্দেশনাৰ মাজেৰে ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰে চৰকাৰে ৷ তাৰোপৰি কম সংখ্যক যাত্ৰীৰে বাহন চলাচলৰো অনুমতি প্ৰদান কৰা হৈছে গ্ৰীণ জ'নত ৷ তাৰোপৰি গ্ৰীণ জ'নত চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বেংক আদিতো অৰ্ধ সংখ্যক কৰ্মচাৰীৰে কাম-কাজ চলোৱাৰ বাবে নিৰ্দেশ দিছে প্ৰশাসনে ৷

অসমত যিহেতু বৰ্তমান পৰিস্থিতি পুনৰ সংকটাপন্ন হোৱা পৰিলক্ষিত হৈছে, গতিকে পুনৰ লক্ ডাউন ঘোষণাৰ উপৰিও বহু কেইটা অঞ্চলক ৰে'ড আৰু অৰেঞ্জ জ'নত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ধাৰণা কৰিব পাৰি ৷

লগতে পঢ়ক : একেদিনাই অসমত 8 গৰাকী COVID-19ত আক্ৰান্ত চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.