ETV Bharat / state

"পাণ্ডুত ক‘ৰণাৰ সংক্ৰমণ হ্ৰাস পোৱাত মোৰ মনটো ভাল লাগিছে"- কোনে ক'লে? - হিমন্ত বিশ্ব শৰ্মা

ক‘ৰণাৰ হট বেডত পৰিণত হোৱা পাণ্ডু অঞ্চলত শেহতীয়াকৈ ক‘ৰণা সংক্ৰমণ হ্ৰাস পাইছে । সংক্ৰমণৰ হাৰ ৩০%ৰ পৰা ১৬% শতাংশলৈ হ্ৰাস পাইছে।

covid-19-positive-case-not-incrise-at-pandu-happy-dr-himanta-biswa-sharma
পাণ্ডুত ক‘ৰণাৰ সংক্ৰমণ হ্ৰাস পোৱাত মোৰ মনটো ভাল লাগিছেঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jul 7, 2020, 10:15 PM IST

গুৱাহাটী,7জুলাইঃ মঙলবাৰে মহানগৰীৰ পাণ্ডুত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । পাণ্ডুত মঙলবাৰৰ পৰা আৰম্ভ হোৱা ৰেপিড টেষ্টিং ব্যৱস্থাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । ক‘ৰণাৰ হট বেডত পৰিণত হোৱা পাণ্ডু অঞ্চলত শেহতীয়াকৈ ক‘ৰণা সংক্ৰমণ হ্ৰাস পাইছে । অঞ্চলটোত সংক্ৰমণৰ হাৰ ৩০%ৰ পৰা ১৬%শতাংশলৈ হ্ৰাস পাইছে । ২নং ৱাৰ্ডৰ পিছত ১৫ আৰু ১৬ নং ৱাৰ্ড আৰু ফাঁচীবজাৰৰ লগতে অহা ১০ জুলাইৰ ভিতৰত আন ৱাৰ্ডটো টেষ্ট কৰা হ'ব। এই কথা জানিবলৈ দিয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

পাণ্ডুত ক‘ৰণাৰ সংক্ৰমণ হ্ৰাস পোৱাত মোৰ মনটো ভাল লাগিছেঃ হিমন্ত বিশ্ব শৰ্মা

ইফালে এদিন পূৰ্বে মৃত্যু হোৱা পাণ্ডুৰ মীনা ভৰালী সন্দৰ্ভত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । মৃত্যুৰ আগদিনা মীনা ভৰালীৰ শৰীৰত ক‘ৰণা নিগেটিভ আছিল। কিন্তু প্ৰমাণ পত্ৰ অনুসৰি মীনা ভৰালীৰ কোভিডত মৃত্যু হৈছে। আনহাতে লক ডাউন ভালদৰে মানি চলিলে শীঘ্ৰে ৰাইজে ভাল ফলাফল পাব বুলি কয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইপিনে মঙলবাৰৰ দিনটোৰ কৰ'ণাৰ ফলাফল চাই মনটো ভাল লাগিছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে । উল্লেখযোগ্য যে, অহা ১০ তাৰিখৰ পিছতহে গুৱাহাটীত লক ডাউন বৃদ্ধি হ'ব নে নহ'ব সেই সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে শৰ্মাই ।

লগতে পঢ়কঃ ৰামেশ্বৰ মুৰ্মুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে আদিবাসী চেংগল অভিযানৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.