গুৱাহাটী, 10 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ চৰকাৰ তথা স্বাস্থ্য বিভাগ সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷
মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষত শক্তিপীঠ কামাখ্যা ধামত দেওধনী মেলা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷ এই কথা ইটিভি ভাৰতক অৱগত কৰিলে কামাখ্যা দেৱালয়ৰ দলৈ মোহিত শৰ্মাই ৷
ইফালে, 17 আগষ্টৰ পৰা শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত কৰা হ'ব মনসা পূজা ৷ পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হ'ব যদিও দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব দেৱালয়ত ৷ আনহাতে, চলিত বৰ্ষত কৰ'ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ভক্তৰ সমাগম হোৱা যিকোনো অনুষ্ঠান অনুষ্ঠিত নকৰে দেৱালয় কৰ্তৃপক্ষই ৷
উল্লেখ্য যে, বৰ্তমান দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ থকা কামাখ্যা ধাম দৰ্শনাৰ্থীৰ বাবে খোলা হ'ব নে নহ'ব সেয়া মনসা পূজাৰ পিচতহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : লক্ ডাউনতে বিভিন্ন লোকবাদ্য নিৰ্মাণ কৰিলে এগৰাকী চৰকাৰী চাকৰিয়ালে