ETV Bharat / state

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইৰ সংবাদমেল

author img

By

Published : Nov 27, 2020, 10:38 PM IST

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত হোৱা বেমেজালিক লৈ এখন সংবাদমেল উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইৰ ৷ এটা চক্ৰই কাউঞ্চিল খনক বিপদত পেলোৱাৰ লগতে ভাৱ মূৰ্তি বিনষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে ৷

As_ghy_council press meet_img_as10003
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইৰ সংবাদমেল

গুৱাহাটী, 27 নৱেম্বৰ : উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইৰ সংবাদমেল ৷ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত হোৱা বেমেজালিক লৈ সম্বোধন কৰে এই সংবাদমেলখন ৷ অধ্যক্ষ গৰাকীৰ দাবী পূৰ্বতে পৰীক্ষাত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যদিও বিগত তিনি বছৰত কোনো ধৰণৰ বেমেজালি হোৱা নাই শিক্ষা সংসদত ৷ তেওঁৰ দাবী, কাউঞ্চিল খনক বিপদত পেলোৱাৰ চক্ৰান্তত লিপ্ত হৈছে এটি বিশেষ গোট ৷ বিভিন্ন সময়ত নানান ধৰণৰ মন্তব্য কৰি শিক্ষা সংসদৰ ভাৱ মূৰ্তি বিনষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে এটা চক্ৰই ৷ স্কুটি লাভ কৰা ছাত্ৰীৰ তালিকাখন চেবাৰ পৰ্টেলৰ যোগেদি ৰাজহুৱা কৰাৰ বাবেও চেষ্টা অব্যাহত ৰাখিছিল ৷

প্ৰাক্তন সচিব মনোৰঞ্জন কাকতিৰ বিৰুদ্ধেও বহু গুৰুতৰ অভিযোগ উত্থাপন কৰে অধ্যক্ষ দয়ানন্দ বৰগোহাঁইয়ে ৷ পাণ্ডু কলেজত অনুষ্ঠিত হোৱা পৰীক্ষাত এখন OMR ত চহী নকৰা সন্দৰ্ভত অধ্যক্ষ গৰাকীয়ে কয়, খালি হৈ থকা ৩১ টা পদৰ নিযুক্তিত চৰকাৰৰ সিদ্ধান্ত ভুল আছিল ৷ সেয়েহে সমগ্ৰ ঘটনাৰ বাবে পাণ্ডু কলেজ জগৰীয়া ৷ মৌখিক পৰীক্ষাৰ নম্বৰৰ বিসংগতিক লৈ মন্তব্য কৰি আৰ চি জৈনৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অধ্যক্ষ গৰাকী ৷

নিযুক্তি পৰীক্ষাৰ বেমেজালিৰ ক্ষেত্ৰত পৰৱৰ্তী সিদ্ধান্ত ন্যায়ালয়ে ল'ব ৷ সমগ্ৰ ঘটনাৰ অনুসন্ধান সংসদৰ লোকৰ পৰিৱৰ্তে আন কাৰোবাক দায়িত্ব দিয়া হ'লেই সঠিক তথ্য আহিল হয় ৷ গতিকে বৰ্তমানৰ ৰিপ’ৰ্ট মানি নলয় বৰগোঁহায়ে ৷ শেষ পৰ্যন্তলৈ সংসদৰ হিতৰ বাবে যুঁজি যাব অধ্যক্ষ গৰাকীয়ে ৷ অন্যথা পদত্যাগ কৰিব দয়ানন্দ বৰগোঁহায়ে ৷

লগতে পঢ়ক : হোজাইত দুই সুৰামত্ত কনিষ্টবলক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.