গুৱাহাটী, 7 মাৰ্চঃ বিশ্বজুৰি এতিয়া কৰ'ণা ভাইৰাছ আতংক । অসমত ৭ দিন কটোৱা আমেৰিকাৰ এগৰাকী পৰ্যটকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19ৰ অৱস্থিতি । অসমৰ পৰা ভূটানলৈ যোৱাৰ পিছত ধৰা পৰে কৰ'না । মাৰ্কিন পৰ্যটকগৰাকী এনিশা কটাইছিল মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত । যাৰ বাবে এতিয়া পঞ্চতাৰকাযুক্ত হোটেলখনে গ্ৰহণ কৰিছে বিশেষ তৎপৰতা ৷ পৰ্যটকগৰাকীয়ে আশ্ৰয় লোৱা দ্বিতীয় মহলাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে হোটেল কৰ্তৃপক্ষই । তাৰোপৰি জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে সকলো সতৰ্কতা অৱলম্বন কৰিছে কৰ্তৃপক্ষই । ইফালে সন্ধিয়াৰ ভাগত হোটেলখনত উপস্থিত হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এটা চিকিৎসাৰ দল । দলটোৱে ৰেডিচন ব্লু'ৰ ২৫০ গৰাকী কৰ্মচাৰীক পৰীক্ষা কৰে । লগতে হোটেলখনত থকা আন আন গ্ৰাহকসকলকো পৰীক্ষা নিৰীক্ষা কৰে চিকিৎসাৰ দলটোৱে ।
জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত কৰ'ণা ভাইৰাছৰ নিৰীক্ষণ - কোবিদ-19ৰ
অসমত ৭ দিন কটোৱা আমেৰিকানৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19ৰ অৱস্থিতি । অসমৰ পৰা ভূটানলৈ যোৱাৰ পিছতে পৰ্যটকগৰাকীৰ দেহত ধৰা পৰে কৰ'না । যাৰ বাবে জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত এনিশা আশ্ৰয় লোৱা দ্বিতীয় মহলাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে হোটেল কৰ্তৃপক্ষই ।