ETV Bharat / state

উকা হৈ ৰৈছে ঐতিহাসিক লতাশিল বিহুতলি

author img

By

Published : Apr 14, 2020, 7:29 PM IST

1952 চনতে স্থাপিত লতাশিল বিহুতলিখন ৰাজ্যৰ প্ৰথম বিহু মঞ্চ । এইবাৰ কোনো উৎসাহ নাই লতাশিলৰ বিহুতলিত ৷ ৰঙালী বিহু তথা লতাশিল খেলপথাৰৰ বিহুতলিৰ পৰম্পৰা ৰক্ষাৰ নামত সোমবাৰে এখনি পতাকা উত্তোলন কৰিয়েই সামৰিব লগা হ'ল বিহুৰ কাৰ্যসূচী ৷

Coronavirus mars Rongali Bihu celebration in Assam, latasil bihu committee not  organised  any cultural function
উকা হৈ ৰৈছে ঐতিহাসিক লতাশিল বিহুতলি

গুৱাহাটী,14 এপ্ৰিলঃ ব'হাগ মাহত অসমৰ চুকে কোণে ৰাইজৰ মনোৰঞ্জনৰ বাবে বিহু মঞ্চৰ আয়োজন কৰা হয় প্ৰতি বছৰে । পৰম্পৰা যেন হোৱা মঞ্চৰ বিহু আয়োজনত এইবাৰ কেৰুণ লাগিছে । লতাশিল খেল পথাৰৰ প্ৰথমখন বিহু মঞ্চৰ বিহু বাতিল কৰাৰ লগতে সমগ্ৰ অসমৰ বিহু মঞ্চসমূহৰ সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰা হৈছে ।

উকা হৈ ৰৈছে ঐতিহাসিক লতাশিল বিহুতলি

লতাশিল খেল পথাৰৰ লগতে বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিৰ মুখপাত্ৰ কৈলাশ শৰ্মাই জানিবলৈ দিয়া অনুসৰি দ্বিতীয় বাৰৰ বাবে বিহু আয়োজন কৰা নহ'ল লতাশিল খেল পথাৰত। তেখেতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে ,1983 চনৰ অসম আন্দোলনৰ সময়ত লতাশিলত বিহু অনুষ্ঠিত হোৱা নাছিল আৰু তাৰ পিছতে 2020 বৰ্ষত দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা নহ'ল লতাশিলৰ বিহু। বাপোতি সাহোন ৰঙালীৰ উৎসাহ এইবাৰ ম্লান পৰিছে বিশ্বৰ বৰ্তমান পৰিস্থিতিৰ বাবে। কিন্তু এই চেনেহৰ বিহুত প্ৰতিজন অসমীয়াই নিজৰ দায়ৱদ্ধতা অনুধাৱন কৰি উদযাপন কৰিছে ৰঙালী বিহু। দেশৰ তথা বিশ্বত কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰাৰ পৰা দূৰত থাকিলেও প্ৰতিজন অসমীয়াৰ বুকুত বিৰাজমান হৈ আছে বিহুৰ আত্মীয়তা তথা মাদকতা।

লগতে পঢ়কঃকোন কোন অসমীয়া তাৰকাই ৰাইজক জনালে ৰঙালীৰ শুভকামনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.