গুৱাহাটী, 15 মাৰ্চঃ সমগ্ৰ বিশ্বতে এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে । বিশ্বৰ প্ৰায় ১০০খন দেশৰ লক্ষাধিক লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা । ভাৰতবৰ্ষত বৰ্তমানলৈ প্ৰায় 107 গৰাকীকৈ লোকৰ শৰীৰত পোৱা গৈছে কৰ'ণা ভাইৰাছ । কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ৰাইজে ল'ব লাগিব কিছুমান পদক্ষেপ । ৰাইজে কিদৰে কৰ'ণা ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিব, ইয়াৰ বাবে মহানগৰীৰ কুমাৰপাৰাবাসীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । কুমাৰপাৰাৰ স্থানীয় নাগৰিকসকলে অঞ্চলটোৰ ৰাইজৰ হাত ধুবলৈ কুমাৰপাৰা পাঁচআলিত সংস্থাপন কৰিছে কেইবাটাও পানীৰ পাত্ৰৰ লগতে চাবোন, হেণ্ডৱাছ ।
দেওবাৰে পুৱাৰ ভাগত অঞ্চলটোৰ কেইবাগৰাকী সমাজ সেৱাৰ লগত জড়িত ব্যক্তি আৰু চিকিৎসকৰ এটা দলে ৰাইজক কিদৰে কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰি ইয়াৰ বাবে সজাগ কৰে । চিকিৎসকৰ দলটোৱে ৰাইজে কিদৰে নিজৰ হাত সঘনাই ধুব লাগে বুজাই দিয়াৰ লগতে কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে বুজাই দিয়ে । কুমাৰপাৰাৰ ৰাইজে অহা ২৯ মাৰ্চলৈ কুমাৰপাৰা পাঁচআলিত ৰাইজৰ হাত ধুবলৈ এই পানীৰ পাত্ৰ সমূহ সংস্থাপন কৰিছে । ৰাইজ এই মাৰাত্মক কৰ'ণা ভাইৰাছৰ পৰা শংকিত হোৱাৰ পৰিৱৰ্তে সজাগ হ'ব লাগে আৰু মহানগৰীৰ সকলো স্থানতে স্থানীয় ৰাইজে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে অঞ্চলটোৰ এগৰাকী সমাজসেৱক সত্যেন শৰ্মাই ।
ভাৰতৰ বিভিন্ন ৰাজ্যত কৰ'ণা ভাইৰাছৰ দ্বাৰা বহু লোক আক্ৰান্ত হৈছে যদিও বৰ্তমানলৈকে অসমত এজনো ব্যক্তিৰ শৰীৰত কৰ'ণা ভাইৰাছৰ উপস্থিতিৰ কোনো ধৰণৰ খবৰ অহা নাই । ইতিমধ্যে ৰাজ্য চৰকাৰে কৰ'ণা ভাইৰাছৰ বাবে অহা ২৯ মাৰ্চ পৰ্যন্ত ৰাজ্যৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে ।
আৰু পঢ়কঃ কৰ’ণা ভাইৰাছ সম্পৰ্কীয় সজাগতাঃবিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন