গুৱাহাটী,16 মাৰ্চঃ কৰ'ণা ভাইৰাছে বিশ্বৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তোলাৰ সময়তে এই মাৰাত্মক ভাইৰাছৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ পৰ্যটন বিভাগ । দিনক দিনে কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰাত অসমলৈ যাতে এই ভাইৰাছ সংক্ৰমণ হ'ব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
চৰকাৰে ২৯ মাৰ্চ পৰ্যন্ত সকলো শিক্ষা অনুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে ৰাইজক গণ সমাবেশৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে । বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পবিতৰা অভয়াৰণ্য, মানাহ ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে বন্ধ কৰিছে পৰ্যটকৰ বাবে । কৰ'ণা ভাইৰাছৰ বাবে পৰ্যটন বিভাগ আৰু বন বিভাগে দেশী-বিদেশী পৰ্যটক সকলৰ গতি বিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে পৰ্যটক সকলৰ স্বাস্থ্যৰ পৰীক্ষাৰ আৰু সজাগতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে ।
কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বৰে পৰ্যটন বিভাগ যথেষ্ট লোকচানৰ সন্মুখীন হোৱাৰ সমান্তৰালে ৰাজ্যৰ পৰ্যটন বিভাগৰো বৃহৎ ক্ষতিসাধন হ'ব । যি সময়ত ৰাজ্যৰ ৰাষ্ট্রীয় উদ্যান আৰু অভয়াৰণ্য সমূহৰ লগতে অন্যান্য পৰ্যটনস্থলী পৰ্যটকৰে ভৰি থাকে সেই সময়ত কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে জনশূণ্য হৈ আছে পৰ্যটনস্থলী সমূহ ।