গুৱাহাটী, 19 ডিচেম্বৰ : বিশ্ব মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিলৈ শনিবাৰে 'কৰ'ণা যোদ্ধা' সন্মান আগবঢ়োৱা হয় ৷ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগ, অসম ব'ৰ্ডৰ উদ্যোগত প্ৰদান কৰে এই সন্মান ৷ প্ৰশাসনিক বিষয়া,আৰক্ষী বিষয়া,কৰ্মী,চিকিৎসক,সমাজ সেৱক,স্বাস্থ্য কৰ্মীৰ লগতে সাংবাদিককে ধৰি যিসকল লোকে ৰাইজৰ হকে, ৰাইজক আৰ্থিক সহায়ৰ বাবে হাত আগবঢ়াইছে তেওঁলোকক 'কৰ'ণা যোদ্ধা' সন্মানেৰে সন্মানিত কৰিছে ৷
শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সভাত নিৰ্বাচিত লোককেইগৰাকীক এই সন্মান প্ৰদান কৰা হয় ৷ গুৱাহাটীৰ ৭ গৰাকীকৈ সাংবাদিকক কৰ'ণা যোদ্ধা প্ৰসংশা পত্ৰ প্ৰদান কৰাৰ লগতে ফুলাম গামোছা আৰু জাপিৰে সন্মান জনায় ৷ অসমীয়া খবৰ কাকতৰ সংবাদিক প্ৰণৱ পাটোৱাৰী,অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক মনোজ ডেকা, দৈনিক অসম কাকতৰ উপ-সম্পাদক ড৹ কুশল কলিতা, দৈনিক বাতৰি কাকতৰ উপ-সম্পাদক দ্বীপেন ভড়ালী, আমাৰ অসম কাকতৰ সাংবাদিক অনুপমা ডেকা, ফাষ্ট নিউজ ৰিপোৰ্টৰ সাংবাদিক দীপাঞ্জলি ডেকালৈ প্ৰদান কৰা হয় এই সন্মান ৷
আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগ অসমৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজিবে অনুষ্ঠানটো পৰিচালনা কৰে ৷ বিশিষ্ট সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকাৰ আৰু বিশিষ্ট লেখক, সাংস্কৃতিক কর্মী গোপাল জালানৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক: হোটেল তাজ ভিভান্তাত হাগ্ৰামা-হিমন্তৰ বৈঠকৰ বাতৰিক অস্বীকাৰ বিপিএফৰ