![Assam PDW](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-08-2023/as-ghy-03-contractors-registration-fee-hiked-by-up-to-four-hundred-per-cent-7209925_10082023182045_1008f_1691671845_717.jpeg)
গুৱাহাটী, ১০ আগষ্ট: ধাৰৰ বোজা বহন কৰিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাইজৰ ওপৰত কৰ-কাটলৰ অভাৱনীয় বোজা জাপি দিয়াৰ পাচত এইবাৰ ঠিকাদাৰসকলক লক্ষ্য কৰি লৈছে । ঋণৰ ওপৰত ঋণ লৈ তৎ নোপোৱা চৰকাৰখনে বিত্তীয় সংকট দূৰ কৰাৰ বাবে ৰাজহ আহৰণৰ স্বাৰ্থত সৰ্বসাধাৰণ ৰাইজৰ ওপৰত বিভিন্ন ধৰণে অত্যধিক হাৰত কৰ-কাটলৰ বোজা জাপি দি আহিছে ।
![Assam PDW](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-08-2023/as-ghy-03-contractors-registration-fee-hiked-by-up-to-four-hundred-per-cent-7209925_10082023182045_1008f_1691671845_307.jpg)
এইবাৰ চৰকাৰখনে ৰাজকোষ টনকিয়াল কৰাৰ বাবে ৰাজ্যৰ ক্ষুদ্র ক্ষুদ্র ঠিকাদাৰসকলক টাৰ্গেট কৰিছে । এতিয়াৰে পৰা ঠিকাদাৰসকলে পঞ্জীয়নৰ নামত অত্যাধিক মাচুল ভৰিব লাগিব । এই সন্দৰ্ভত শেহতীয়াকৈ অসম চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব চন্দন শৰ্মাই এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে ।
জাৰী কৰা নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত ঠিকাৰ কাম কৰা প্ৰতিগৰাকী ঠিকাদাৰে প্রতি তিনি বছৰৰ মূৰে মূৰে বিভাগত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব । ইফালে বিভাগে নাম পঞ্জীয়নৰ বাবে পঞ্জীয়ন মাচুলৰ পৰিমাণ ৪০০ শতাংশ বৃদ্ধি কৰিছে ।
তদুপৰি ঠিকাদাৰসকলে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ গ'লেও আবেদন মাচুল হিচাপে আদায় দিব লাগিব ১০ হেজাৰ টকাকৈ । এই নির্দেশ জাৰি কৰাৰ আগলৈকে নাম পঞ্জীয়ন কৰিলে প্ৰথম শ্ৰেণীৰ ‘ক’ শাখাৰ ঠিকাদাৰে আদায় দিব লাগিছিল ১ লাখ টকাকৈ, প্রথম শ্ৰেণীৰ ‘খ’ শাখাৰ ঠিকাদাৰে আদায় দিব লাগিছিল ৭৫ হেজাৰ টকাকৈ আৰু প্ৰথম শ্ৰেণীৰ ‘গ’ শাখাৰ ঠিকাদাৰে আদায় দিব লাগিছিল ৫০ হেজাৰ টকাকৈ ।
সেইদৰে দ্বিতীয় শ্রেণীৰ ঠিকাদাৰে আদায় দিব লাগিছিল ১০ হেজাৰ টকাকৈ আৰু তৃতীয় শ্রেণীৰ ঠিকাদাৰে আদায় দিব লাগিছিল ৫ হেজাৰ টকাকৈ । নাম পঞ্জীয়নৰ বাবে ঠিকাদাৰসকলে আদায় দিয়া এই ধন ঘূৰাই পোৱাৰো ব্যৱস্থা আছিল । কিন্তু নতুন নিৰ্দেশনা অনুসৰি নাম পঞ্জীয়নৰ বাবে চৰকাৰে অত্যধিক হাৰত বৃদ্ধি কৰা এই পঞ্জীয়ন মাচুল ঠিকাদাৰসকলে পুনৰ ওভতাই নাপায় ।
তদুপৰি পূৰ্বতে লোকনিৰ্মাণ বিভাগত ঠিকাৰ কাম কৰা ঠিকাদাৰে এবাৰেই নিজৰ নাম পঞ্জীয়ন কৰিব লাগিছিল যদিও এতিয়াৰে পৰা বিভাগত কাম কৰিব বিচৰা প্ৰতিগৰাকী ঠিকাদাৰে প্ৰতি তিনি বছৰৰ মূৰে নিজৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে ।
নতুন নির্দেশনা অনুসৰি এতিয়াৰে পৰা লোকনির্মাণ বিভাগত ঠিকা কৰিব বিচৰা প্ৰতিগৰাকী প্ৰথম শ্ৰেণীৰ ‘ক’ শাখাৰ ঠিকাদাৰে তিনি বছৰৰ বাবে পঞ্জীয়নৰ ক্ষেত্ৰত আদায় দিব লাগিব ৫ লাখ টকাকৈ, প্রথম শ্ৰেণীৰ ‘খ’ শাখাৰ ঠিকাদাৰে আদায় দিব লাগিব ২ লাখ টকাকৈ, প্ৰথম শ্ৰেণীৰ ‘গ’ শাখাৰ ঠিকাদাৰে আদায় দিব লাগিব ১ লাখ টকাকৈ । সেইদৰে দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰে আদায় দিব লাগিব ৫০ হেজাৰ টকাকৈ আৰু তৃতীয় শ্ৰেণীৰ ঠিকাদাৰে আদায় দিব লাগিব ২৫ হেজাৰ টকাকৈ ।
লক্ষণীয় বিষয় যে ইতিমধ্যে চৰকাৰী বিভিন্ন বিভাগত ঠিকা কৰা ৰাজ্যৰ ক্ষুদ্ৰ ঠিকাদাৰসকলক বঞ্চিত কৰি বৃহৎ ঠিকাদাৰ সকলৰ বাবে ৰঙা দলিচা পাৰি দিয়াৰ নীতি গ্ৰহণ কৰিছে বিজেপি চৰকাৰে । যাৰ বাবেই চৰকাৰখনে চৰকাৰী বিভাগসমূহৰ কেইবাটাও কাম একলগ কৰি ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰিছে ।
যাতে সেই কাম কৰিবলৈ ৰাজ্যৰ ক্ষুদ্ৰ ঠিকাদাৰসকল যাতে আগবাঢ়ি আহিব নোৱাৰে। তাৰ ঠাইত বৃহৎ ঠিকাদাৰ গোষ্ঠী আহিব পাৰে। সৰু সৰু ঠিকা কৰি পেটৰ ভাত মোকলোৱা থলুৱা ক্ষুদ্র ঠিকাদাৰ সকলে যাতে বিভাগত প্ৰৱেশেই কৰিব নোৱাৰে তাৰ বাবে শেহতীয়াভাৱে বৃহৎ হাৰত ঠিকাদাৰৰ পঞ্জীয়ন মাচুল বৃদ্ধিৰে চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে ।
চৰকাৰী এই সিদ্ধান্তৰ ফলত সৰু সৰু বহু ঠিকাদাৰৰ কৰ্মসংস্থাপনৰ বাট বন্ধ হৈ পৰিব । লক্ষণীয় বিষয় যে লোক নিৰ্মাণ বিভাগৰ অধীনতে অসম চৰকাৰে ৫০ হাজাৰ থলুৱা যুৱক-যুৱতীক ঠিকা আবণ্টনৰ জৰিয়তে আত্মসংস্থাপনৰ ব্যৱস্থা ল'ব বুলি ঘোষণা কৰিছিল । কিন্তু এতিয়া চৰকাৰে বিপৰীত স্থিতি গ্ৰহণ কৰিছে ।