ETV Bharat / state

গুৱাহাটীৰ এটা অঞ্চলক কৰা হ'ল কণ্টেইনমেণ্ট জ'ন

author img

By

Published : Oct 28, 2021, 1:50 PM IST

Updated : Oct 28, 2021, 1:57 PM IST

ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ৰূপনগৰৰ এটা অঞ্চলক ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা ৷

containment zone back in guwahati again
গুৱাহাটীৰ এটা অঞ্চলক কৰা হ'ল কণ্টেইনমেণ্ট জ'ন

গুৱাহাটী,২৮ অক্টোবৰ: গুৱাহাটী মহানগৰীত পুনৰ ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ । দীৰ্ঘ সময়ৰ পাছত পুনৰ মহানগৰীত কণ্টেইনমেণ্ট জ'নৰ পৰিস্থিতি ঘূৰি আহিছে । শেহতীয়াকৈ ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ৰূপনগৰৰ এটা অঞ্চলক ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা । জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া কণ্টেইনমেণ্ট জ’নৰ পৰিসৰ হৈছে উত্তৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৱৰ্কশ্বপ, দক্ষিণে জি এপ চি পথ, পূবে শ্ৰীমন্তপুৰ পথ আৰু পশ্চিমে ৰূপনগৰ মূল পথ । কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা এই অঞ্চলটোত অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে ।

উল্লেখ যে শেহতীয়া ক'ভিড সংক্ৰান্তীয় এছ অ' পিত যিবোৰ এলেকাত সাতদিনত দহতকৈ বেছি ক'ভিড পজিটিভ ধৰা পৰে সেইবোৰ এলেকাক প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে । ৰাজ্যত ক'ভিড পৰিস্থিতি উন্নত হৈছে যদিও কামৰূপ মহানগৰ জিলাত ক'ভিড সংক্ৰমণ কিছু বৃদ্ধি পাইছে ।

বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত নতুনকৈ ৭৫ গৰাকী লোক ক'ভিডত ‍আক্ৰান্ত হয় । আনহাতে ৰাজ্যত আক্ৰান্ত হয় ২৪৪ গৰাকী । ২৬ অক্টোবৰত গুৱাহাটীত ১৬২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছিল ।

লগতে পঢ়ক: বেলতলা হত্যাকাণ্ড: গ্ৰেপ্তাৰ হ’ব পাৰে আকাশ চৌধুৰীৰ পত্নী

Last Updated : Oct 28, 2021, 1:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.